বিপদত ভূপেন বৰা! ভৰিৰে গচকিলে মিচিং জনগোষ্ঠীৰ স্বাভিমান স্বৰূপ ৰিঃবি গাচেং

এইবাৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ স্বাভিমানত আঘাত হানি বিপদত ভূপেন বৰা তথা অসম কংগ্ৰেছ।

author-image
Asomiya Pratidin
New Update
বিপদত ভূপেন বৰা! ভৰিৰে গচকিলে মিচিং জনগোষ্ঠীৰ স্বাভিমান স্বৰূপ ৰিঃবি গাচেং

ডিজিটেল সংবাদ, জোনাইঃ এইবাৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ স্বাভিমানত আঘাত হানি বিপদত ভূপেন বৰা তথা অসম কংগ্ৰেছ। ধেমাজি জিলাৰ জোনাইত 'চাঙে চাঙে কংগ্ৰেছ' যাত্ৰাই বিপদ মাতিছে অসম প্ৰদেশ কংগ্ৰেছলৈ।

Advertisment

মিচিং ৰিঃবি গাচেং ক ভৰিৰে গচকি অপমান কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ। শনিবাৰে জোনাই সমষ্টিৰ চিমেনমুখ পঞ্চায়তৰ ন-পাম কুলি গাওঁৰ প্ৰাক্তন গাওঁবুঢ়া উপেন কুলিৰ গৃহত এই কাণ্ড সংঘটিত হয়।

চাঙে চাঙে কংগ্ৰেছ যাত্ৰাত মিচিং চাংঘৰত মিচিং জাতীয় স্বাভিমান ৰিঃ বি গাচেংৰ ওপৰত ভৰিৰে গচকি যোৱা কাৰ্য্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মিচিং সমাজত। যি সময়ত মিচিং ৰিঃ বি গাচেং মিচিং জনগোষ্ঠীৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ উপৰিও বহু বিশিষ্ট ব্যক্তিয়ে সন্মানেৰে ডিঙিত পৰিধান কৰে তেনে সন্মানৰ প্ৰতীকক এনেদৰে অপমান কৰা কাৰ্যই তোলপাৰ লগাইছে সমগ্ৰ মিচিং সমাজত।

মিচিং জাতিক কৰা এই অপমানক সমালোচনা কৰি মিচিং জাতিৰ ঘৰে ঘৰে গৈ ক্ষমা খুজিবলৈ সংবাদ মাধ্যমৰ যোগেদি দাবী জনাইছে বিজেপি বিধায়ক ভুৱন পেগুৰ লগতে মিচিং সাহিত্য সভাই। সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মাজুলীৰ বিধায়ক ভূৱন গামে কয় যে, মিচিং জনগোষ্ঠীৰ বস্ত্ৰ ৰিৱিগাচেঙক অপমান ভূপেন বৰাৰ।

চাঙত উঠি ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা কৰা ভূপেন বৰাই ভৰিৰে গচকিলে মিচিঙৰ সন্মানক। এনে কাৰ্যক ক্ষমা নকৰে মিচিং জনগোষ্ঠীয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এনে গৰ্হিত কাৰ্যক নিন্দা মিচিং সংগঠন টিএমপিকেৰ।

সংগঠনটোৰ সভাপতি মিগাং তিলক দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সামাজিক মাধ্যমত কয় যে, মিচিং জনগোষ্ঠীৰ সন্মান ,মিচিং জাতিৰ সংস্কৃতিক ভাল পোৱা ,মিচিং জাতিৰ সমস্যাৰ প্ৰতি থকা অনুগত্য ,মিচিং জনগোষ্ঠীৰ চাং ঘৰৰ প্ৰতি থকা মৰমক মই কথাৰে বুজাব বিচৰা নাই ছবিৰে বুজাব বিছাৰিছোঁ।মিচিং জনগোষ্ঠীক অপমান কৰা ভূপেন বৰাৰ লগত থকা মিচিং নেতা সকলক ইয়াৰ উত্তৰ দিবলৈ আহ্বান জনালো।

Also Read: বিহপুৰীয়া নগৰত অমৃত কলহ যাত্ৰা