ধ্বংস হোৱাৰ দিশে সোৱণশিৰি সভ্যতা ! এন এইছ পি চিৰ সন্মুখত উত্তাল প্ৰতিবাদ...
ধ্বংস হোৱাৰ দিশে সোৱণশিৰি সভ্যতা ! এন এইছ পি চিৰ সন্মুখত উত্তাল প্ৰতিবাদ... 
ধেমাজি

ধ্বংস হোৱাৰ দিশে সোৱণশিৰি সভ্যতা ! এন এইছ পি চিৰ সন্মুখত উত্তাল প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ হঠাৎ শুকাই গ'ল এসময়ত সোণ পোৱা সোৱণশিৰি। ধ্বংসৰ আগজাননী দিলে এক চহকী নদী সভ্যতাৰ। সোৱণশিৰিক কেন্দ্ৰ কৰি গঢ়ি উঠা সভ্যতা ধ্বংসৰ বিৰুদ্ধে আজি গেৰুকামুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে সদৌ অসম ছাত্ৰ সন্থাই।

সংগঠন দুটাৰ শতাধিক সদস্যই গেৰুকামুখৰ এন এইছ পি চিৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এন এইছ পি চিৰ কৰ্তৃপক্ষৰ পুত্তলিকা দাহ কৰে। সংগঠনটোৱে কোনো কাৰণতে এন এইছ পি চিৰ নিৰ্মাণ সম্পূৰ্ণ হ'বলৈ দিয়া নহ'ব বুলি হুংকাৰ দি এই নদীবান্ধে এক সভ্যতাক ধ্বংস কৰিলে বুলি অভিযোগ কৰে।

উল্লেখ্য যে, শুকুৰবাৰে নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পত সংঘটিত হোৱা ভূমিস্খলনে সোৱণশিৰি নৈক শুকুৱাই আনে। বান্ধটোৰ মাত্ৰ এটা ডাইভাৰ্ছন টানেলৰ মাজেৰেহে সোৱণশিৰি নৈৰ পানী বৈ আছিল যদিও শুকুৰবাৰে সেই ডাইভাৰ্ছন টানেলৰ সন্মুখ ভাগত ভূমিস্খলন হৈ ডাইভাৰ্ছন টানেলটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

ফলত নৈখনৰ বান্ধৰ নামনি অংশ শুকাই যায়। এই খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি হোৱাৰ সমান্তৰালকৈ নদীবান্ধটোৰ বিৰুদ্ধে জনমত গঢ় লৈ উঠিছে। নিশাৰ ভাগত যদিও বান্ধটোৰ বন্ধ হৈ থকা টানেল মুকলি কৰি পানী অহাৰ ব্যৱস্থা কৰা হৈছে তথাপিও নৈখনৰ জৈৱ বৈচিত্ৰৰ প্ৰতি চৰম ভাবুকি নামি আহিছে।

শুকাই যোৱা নৈখনৰ শিলৰ মাজত পৰি থাকিল মাছ-কাছ আদি। একেদৰে নৈখনে গঢ়ি তোলা এক সভ্যতাকলৈও নামি আহিল ভাবুকি। নৈখন শুকাই যোৱাৰ ফলতে নৈপৰীয়া ৰাইজ বিভিন্ন আহুকালৰ সন্মুখীন হৈছে। পানীৰ অভাৱত মাজুলী-লখিমপুৰ ফেৰী সেৱা বন্ধ কৰিবলৈ বাধ্য হৈছে।

এনে পৰিপ্ৰেক্ষিততে শনিবাৰে লখিমপুৰ আৰু ধেমাজি জিলাৰ সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীৰ পৰাই এ জে ৱাই চি পিৰ নেতৃত্বই অসম কেবিনেটত এন এইছ পি চিৰ এই প্ৰকল্পৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ সেই প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ দাবী উত্থাপন কৰিছে।

তেওঁলোকে নৈখনৰ দুয়োপাৰৰ লোকসকলক সঠিক সময়ত শক্তিশালীভাৱে আন্দোলন কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনাইছে। সংগঠনটোৰ নেতৃত্বই দুয়োপাৰৰ নৈপৰীয়া ৰাইজক উদ্দেশ্যি কয়, আপোনালোকে হাট সাৱতি বহি নাথাকিব। সঠিক সময়ত প্ৰতিবাদ নকৰিলে আহি থকা দিনত নামনি অঞ্চলটোৰ জৈৱ বৈচিত্ৰ ধ্বংস হোৱাৰ লগতে সোৱণশিৰিৰ ওপৰত নিৰ্ভৰ কৰি বসবাস কৰি থকা জনজাতি লোকসকল সম্পূৰ্ণৰূপে ধ্বংস হ'ব।