representative photo
representative photo 
ধেমাজি

গোগামুখত মাৰণাস্ত্রসহ আটক এজনক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গোগামুখত মাৰণাস্ত্রসহ এজনক আটক কৰিছে আৰক্ষীয়ে । ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ।

আটকাধীন লোকজনৰ নাম হৈছে আমিনুল ইছলাম । অৰুণাচলৰ পৰা চিলাপথাৰলৈ আহিছিল লোকজনে । বাছৰ পৰা নামি আন এখন গাড়ীত উঠিবলৈ লোৱাৰ সময়তে আটক কৰা হৈছে আমিনুল ইছলামক ।

আটক কৰা লোকজনৰ পৰা উদ্ধাৰ এটা SBBL ৰাইফল । লখিমপুৰৰ নাওবৈচালৈ নিবলৈ লৈছিল ৰাইফলটো ।