অসম

ধেমাজি টাউন ব্ল’ক কংগ্ৰেছৰ উদ্যোগত “পৰিবেশ প্ৰভাৱ নিৰূপন খচৰা ২০২০”ৰ বিৰুদ্ধে সজাগতামূলক সভা-মানৱ শৃংখল কাৰ্যসূচী…

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিৰ টাউন ব্ল'ক কংগ্ৰেছৰ উদ্যোগত সোমবাৰে ধেমাজি ইন্দিৰা ভৱনৰ সন্মুখত "পৰিবেশ প্ৰভাৱ নিৰূপণ খচৰা ২০২০" ৰ বিৰুদ্ধে সজাগতামূলক সভাৰ লগতে ধেমাজি তিনি আলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে কংগ্ৰেছৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে হাতে হাতে বেনাৰ-প্লে কাৰ্ড লৈ মানৱ শৃঙ্খল কাৰ্য্যসূচী ৰূপায়ন কৰে ৷

সজাগতামূলক সভাত ধেমাজিৰ টাউন ব্ল'ক কংগ্ৰেছৰ সভাপতি তপন বৰপাত্ৰগোহাঁই আৰু ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি নিতু বৰগোঁহাইয়ে বক্তব্যত বিশ্বজুৰি হোৱা কোৰোনা মহামাৰী সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ বি্শ্বতে হাহাকাৰ পৰিস্থিতিৰ হোৱা সময়তে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মুডীয়ে ২৩ মাৰ্চৰ পৰা ঘোষনা কৰ তলাবন্ধ কাৰ্য্যসূচীৰ এদিনৰ আগতেই ভাৰত চৰকাৰে পৰিৱেশ বন আৰু জলবায়ু মন্ত্ৰালয়ে পৰিৱেশ নিৰূপনৰ খচৰা ২০২০ ৰ প্ৰকাশ কৰে ৷

এনে ধৰণৰ মহামাৰী সংকটৰ সময়তো এনে দেশবাসীৰ স্পৰ্শকাতৰ আইন প্ৰণয়ন কৰাটো বি জে পি চৰকাৰখনৰ ৰহস্যজনক আৰু উদ্দেশ্য প্ৰণোদিত বুলি কংগ্ৰেছৰ বিষয় ববীয়া দুগৰাকীয়ে অভিযোগ প্ৰদান কৰে ৷