dhemaji
dhemaji 
অসম

ধেমাজি জিলাৰ ১,২৪৪ ছাত্ৰ-ছাত্ৰীক ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজি : ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড০ বাণীকান্ত কাকতি মেধা বঁটা হিচাপে ছাত্ৰ -ছাত্ৰীৰ মাজত স্কুটী বিতৰণ কাৰ্যসূচী অনুষ্ঠানটি বৃহস্পতিবাৰে পুৱা ১১ বজাত ধেমাজি জিলাৰ মৰিঢল মহাবিদ্যালয়ৰ চৌহদত আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰে।

অসম চৰকাৰৰ শ্ৰমিক কল্যাণ আৰু চাহ জনগোষ্ঠীৰ কল্যাণ মন্ত্ৰী তথা ধেমাজি জিলাখনৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে বিতৰণ কৰে এই বঁটা ৷ এই উপলক্ষে অনুষ্ঠিত হোৱা উদ্বোধনী সভাত মন্ত্ৰী গৰাকীয়ে বক্তব্যত ছাত্ৰ-ছাত্ৰী সকলক এই বঁটাৰে অনুপ্ৰাণিত হৈ অধিক ভালদৰে অধ্যয়নৰ দিশত আগুৱাই যাবলৈ আহ্বান জনায়। তেওঁ স্কুটী সমূহৰ সঠিকভাৱে আৰু সাৱধানে ব্যৱহাৰ কৰিবলৈও ছাত্ৰ-ছাত্ৰী সকলক অনুৰোধ জনায়।

প্ৰসংগক্ৰমে মন্ত্ৰী গৰাকীয়ে ধেমাজি জিলাৰ বাবে ভালেমান অভিলাষী আচঁনি লৈ অহা ১৭ ডিচেম্বৰত ধেমাজিলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আহিব বুলি উল্লেখ কৰে ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে দিয়া ভাষণত ধেমাজি জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই কয় যে, এইবাৰ ধেমাজি জিলাৰ ১২৪৪ গৰাকী ছাত্ৰ-ছাত্ৰী এই বঁটা লাভৰ বাবে বিবেচিত হৈছে।

যোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৬০ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰী আৰু ৭৫ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰ সকলে একোখন হিৰো স্কুটী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। এই বঁটা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা গভীৰ স্নেহ আৰু মহানুভৱতাৰ ফলশ্ৰুতিৰ বাবেই সম্ভৱ হৈছে বুলি উল্লেখ কৰে ৷

সভাত বক্তব্য ৰখা ধেমাজি জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠকে ড০ বাণীকান্ত কাকতিৰ মহৎ কৰ্মৰাজি অধ্যয়নেৰে ছাত্ৰ-ছাত্ৰী সকলক অনুপ্ৰাণিত হ'বলৈ আহ্বান জনায়। সভাৰ আৰম্ভণিতে আদৰণি ভাষণ দিয়ে মৰিঢল মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপেন শ‌ইকীয়াই।

সভাৰ আতঁ ধৰে মৰিঢল মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° প্ৰদীপ বড়াই ৷ সভাত জোনাই মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা মৰিধল মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° হৰকান্ত পেগু, মৰিধল মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° কমল গগৈ, ধেমাজি জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকা আৰু ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত‌ , ধেমাজি জিলা তথ্য ও জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ লগতে বহুকেইগৰাকী অতিথি উপস্থিত থাকে।

আজিৰ অনুষ্ঠানত মুঠ ১১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে স্কুটী বিতৰণ কৰে। বাকী সকলক পৰ্যায়ৰ ক্ৰমে হিৰো স্কুটীৰ বিতৰকে প্ৰদান কৰিব বুলি সভাত ঘোষণা কৰা হয়।