অসম

ধেমাজিত স্বাধীনতা দিৱসৰ বিস্ফোৰণত নিহতক সোঁৱৰণ

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ ২০০৪ চনৰ ধেমাজি পেৰেড গাউণ্ডত স্বাধীনতা দিৱসৰ বোমা বিস্ফোৰণত নিহতসকলৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ সমগ্ৰ অসমতে শোক দিৱস পালন কৰা হয়।

২০০৪ চনৰ ধেমাজি স্বাধীনতা দিৱসৰ দিনা প্ৰাণ আহুতি দিয়া গিৰীন শইকীয়াৰ পৰিয়ালেও শোক দিৱস পালন কৰে।

পুৱা ৭ বজাত গোগামুখৰ নিজা বাসগৃহত থকা গিৰীন শইকীয়াৰ প্ৰতিমূৰ্তি মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলন কৰা হয়। নিহতৰ পৰিয়াল, দল-সংগঠন, গণ্য-মান্য ব্যক্তিসহ ছাত্ৰ ছাত্ৰীয়ে এই শোক দিৱসত অংশ লয়।

ৰচনা আৰু ছবি আঁকি ভাল পোৱা গিৰীন শইকীয়াৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ১৫ আগষ্টৰ দিনা ৰচনা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে বিভিন্ন কাৰ্য্যসূচীও অনুষ্ঠিত কৰা হয়।