অসম

তীব্ৰবেগী ট্ৰেক্টৰৰ চেপাত থিতাতে নিহত এজন...

Asomiya Pratidin

ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি ৯ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত ধৰ্মনগৰৰ চাৰিআলিত বৃহস্পতিবাৰে বিয়লি এখন ট্ৰেক্টৰ চেপাত থিতাতে পৰি এজন লোক নিহত হোবা ঘটনাই অঞ্চলটোত ব্যাপক উত্তেজনা সৃষ্টি হৈছে ৷ ঘটনা অনুসৰি ধেমাজি বেতনি গাওঁৰ পৰা ধেমাজি অসামৰিক চিকিৎসাৰ দিশে আহি থকা দ্ৰুত বেগী এ এচ ২২ চি ৩৩১৬ নম্বৰৰ ট্ৰেক্টৰখনৰ খুণ্ডাত ধৰ্মনগৰ চাৰিআলিত দেৱ নায়ক(৫০) নামৰ লোকজন পৰি যোৱা পিছত ওপৰেদি ট্ৰেক্টৰ খন উঠি যোৱাত থিতাতে যুৱকজন নিহত হয়।

জানিব পৰা মতে দ্ৰুত বেগীত চলাই অহা ট্ৰেক্টৰৰ চালক জন খুৱলীয়াৰ গাওঁৰে ৰূপজ্যোতি গগৈ বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷ তাৎপৰ্যপূৰ্ণ বিষয় যে ট্ৰেক্টৰখনৰ স্বতাধিকাৰীৰ অজ্ঞাতে চালকজনে ভাড়া মাৰিবলৈ অনাৰ অভিযোগ উঠিছে ৷

ঘটনাৰ পিছতেই ধেমাজি অসামৰিক চিকিৎসালয়ৰলৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষনা কৰে ৷ এনে ঘটনাৰ পিছতেই অসামৰিক চিকিৎসালয়ৰ চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ধেমাজি আৰক্ষীয়ে চালকজনক আটক কৰা লগতে ট্ৰেক্টৰ খনো জব্দ কৰিছে ৷