অসম

ধেমাজিত বানে খহাই নিয়া ৰেলৰ দলঙৰ মেৰামতি অব্যাহত, আজিও বন্ধ ৰেল চলাচল

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিত জীয়াঢল নদীৰ ওপৰত থকা এখন ৰেলৰ দলং শুকুৰবাৰে বানে ক্ষতিসাধন কৰে। দলংখনৰ এটা মূৰ বানে খহাই নিয়াৰ ফলত এই পথচোৱাৰে শুকুৰবাৰৰ পৰা ব্যাহত হৈ আছে ৰেল সেৱা। শনিবাৰেও এই পথচোৱা মেৰামতিৰ কাম ৰেল বিভাগে অব্যাহত ৰাখে।

অৱশ্যে এতিয়ালৈকে এই পথচোৱাৰে কোনো ৰেল চলাব পৰা হোৱা নাই। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপন্দ ভট্টাচাৰ্যই জনায় যে, ক্ষীপ্ৰ গতিত এই পথচোৱা নিৰ্মাণৰ কাম অব্যাহত আছে। পথচোৱা নিৰ্মাণ সম্পূৰ্ণ হ'লেই পুনৰ উক্ত পথেৰে ৰেল চলাচল আৰম্ভ হ'ব বুলি তেওঁ জানিব দিয়ে।