অসম

আগন্তুক চাৰি মাহৰ ভিতৰত আৰম্ভ হ’ব প্ৰস্তাৱিত ধেমাজি চিকিৎসা মহাবিদ্যালয় নিৰ্মানৰ কাম…

asomiyapratidin

ডিজিটেল সংবাদ ধেমাজিঃ আগন্তুক চাৰিমাহৰ মাহৰ ভিতৰত আৰম্ভ হ'ব ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম ৷ ধেমাজি অসামৰিক চিকিৎসালয়ৰ নিচেই কাষতেই ধেমাজি ৰাজহ চক্ৰৰ অন্তৰ্গত হিলৈদাৰী ব্লক আৰু কোৱাফলা হাবি গাওঁত প্ৰায় ১৫০ বিঘা মাটি ইতিমধ্যে এই চিকিৎসা মহাবিদ্যালয়খন নিৰ্মাণৰ বাবে ধেমাজি জিলা প্ৰশাসনে চিনাক্ত কৰি উলিয়াইছে। মঙ্গলবাৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত , লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু ধেমাজি জিলা উপায়ুক্ত পি. বিজয় ভাস্কৰ ৰেড্ডী আৰু জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকলৰ সৈতে চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পৰিদৰ্শন কৰে৷

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ভূমি ক্ষেত্ৰ পৰিদৰ্শন কৰি সংবাদমাধ্যমক কয় যে, কোভিডৰ বেয়া পৰিস্থিতিৰ মাজতো ধেমাজি বাসীৰ বাবে চৰকাৰে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।লগতে তেওঁ উল্লেখ কৰে যে, অহা চাৰি মাহৰ ভিতৰত আৰম্ভ হ'ব ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মানৰ কাম৷এই চিকিৎসা মহাবিদ্যালয় নিৰ্মানৰ বাবে চৰকাৰে ইতিমধ্যে প্ৰয়োজনীয় পুঁজিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷

ইপিনে এই পৰিদৰ্শনৰ পিছতেই ৱৰ্ল্ড বেংক আই এম এফ ইণ্ডিয়ান ক্লাৱ, এন জি অ' শান্তি সাধনা আশ্ৰমৰ দ্বাৰা সাহায্য আগবঢ়োৱা পুঁজিৰে ধেমাজিৰ বিষ্ণুপুৰ পাছঁ আলি স্থিত ধেমাজি অভিযান্তিক মহাবিদ্যালয়ত ধেমাজি জিলা প্ৰশাসনৰ সহযোগত অনু্ষ্ঠিত কৰা কোভিড কেয়াৰ চেণ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷

অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰীৰ দ্বাৰা আশা কৰ্মীসকলক পাল্চ অক্সিমিটাৰ, ডিজিটেল বি পি মেচিন, গ্ল'কমিটাৰ আৰু থাৰ্মেল স্কেনাৰসহ স্বাস্থ্য সজুঁলিসমূহ বিতৰন কৰে ৷ ইতিমধ্যে কোভিড পজিটিভত মৃত্যু হোৱা পৰিয়ালৰ মূৰব্বী বিহীন তিনি গৰাকী মহিলাক দুই লাখ পঞ্চাশ হেজাৰ কৈ টকাৰ চেকো বিতৰন কৰে মন্ত্ৰীগৰাকীয়ে ৷