অসম

ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান…

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰণালয়ৰ অৰ্থ সাহায্যৰ আৰু লখিমপুৰ জিলাৰ খৰাপথাৰ সন্মিলিত যুৱক সমাজৰ উদ্যোগত শুকুৰবাৰে ধেমাজি জিলাত পোন প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিক সকলৰ কাৰণে আৱাসিক গৃহৰ দুৱাৰ মুকলি শুভ উদ্ধোধন কৰে ১৪ নং লখিমপুৰ জিলাৰ সাংসদ প্ৰদান বৰুৱাই৷

উদ্ধোধনী ভাষণত সাংসদ বৰুৱাই ধেমাজিৰ বাবে অতি গুৰুত্বপূৰ্ণ এই আৱাসিক গৃহ অনুষ্ঠানে জিলা খনৰ বৃদ্ধ-বৃদ্ধা তথা জ্যেষ্ঠ নাগৰিক সকলক সুন্দৰভাৱে পৰিচৰ্যা কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে ৷
সাংসদ গৰাকীয়ে এনেধৰণৰ অনুষ্ঠানৰ শুভ উদ্ধোধন কৰি উদ্যোগতা সকলক ভূৱশী প্ৰশংসা কৰে ৷ তেওঁ আগুন্তুক দিনত জিলাবাসীৰ বিভিন্ন অঞ্চলত থকা অসহায় পিতৃ-মাতৃ তুল্য বৃদ্ধ-বৃদ্ধা সকলে আনন্দৰে জীৱন নিৰ্বাহ কৰিব পাৰিব বুলিও আশা প্ৰকাশ কৰে ৷

ধেমাজি নগৰৰ ৪নং ৱাৰ্ডৰ ভেহপৰা বৰুৱা চুকত জ্যেষ্ঠ নাগৰিক সকলৰ বাবে মুকলি কৰা আবাসগৃহ টোৰ 'জ্যেষ্ঠ কুঞ্জ' নামেৰে নামাকৰণ কৰে ৷ এই উপলক্ষে আয়োজিত উদ্ধোধনী সভাখনিৰ উদ্দেশ্য বাখ্যা কৰে খৰা পথাৰ সন্মিলনত যুৱক সমাজ সান্দহখোৱা লখিমপুৰ জিলাৰ সম্পাদক হেম চন্দ্ৰ বৰুৱাই ৷ উদ্দেশ্য বাখ্যাত বৰুৱাই ধেমাজিত ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অৰ্থ সাহায্যৰে লখিমপুৰ জিলাৰ খৰাপথাৰ সন্মিলিত যুৱক সমাজৰ দ্বাৰা এই আবাসিক টি পৰিচালিত হৈ থাকিব বুলি উল্লেখ কৰে ৷ পোন প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিক আৰু বৃদ্ধ-বৃদ্ধা সকলক সুন্দৰ কৈ থকা খোৱাৰ ব্যৱস্থা কৰা হৈছে বুলিও জনায়৷

সভাত অতিথি হিচাপে ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰনোজ পেগু , ধেমাজি জিলাৰ উপায়ুক্ত নৰ সিং পৱাৰ , ধেমাজি জিলা নগৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তোলন কোঁৱৰ , ধেমাজি পৰিয়াল কল্যাণ পৰামৰ্শদাতা কেন্দ্ৰৰ অধ্যক্ষা নিৰমা বৰুৱা ,নৱ ৰত্ন উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক তথা বিশিষ্ট নাট্যকাৰ হেমন্ত বৰপাত্ৰগোহাঁই ,শিক্ষক মোলোক দাস ,ভূপেন হাজৰিকা , দ্বিজেন চিৰিং , কৰ্নবাহাদু চেত্ৰী , খৰা পথাৰ সন্মিলিত যুৱক সমাজ সান্দহখোৱা লখিমপুৰ জিলাৰ সহকাৰী সম্পাদক সুৰেন্দ্ৰ নাথ শইকীয়া ,ডিম্বেশ্বৰ বৰা , বিমল হাজৰিকা , আবাসিক গৃহৰ অধীক্ষক মনোজ বৰুৱাই অংশ গ্ৰহণ কৰে ৷

উল্লেখযোগ্য যে, আৱাসিক গৃহটোত ২৫ গৰাকীয়ে ইতিমধ্যে থাকিব পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও শুকুৰবাৰে শুভাৰম্ভণি দিনটোতেই আবাসিক গৃহত জ্যেষ্ঠ বৃদ্ধা নিৰু গগৈ ,হেমলতা পাটৰ , ৰুণুমাই কোঁচ আৰু সৰুজনী সোণোৱালে আজিৰে পৰাই সদস্য ভৰ্ত্তি হয়৷