অসম

ধেমাজি-লখিমপুৰত ভদীয়া বানত ডুবিল ৬০খনৰো অধিক গাঁও

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ জীয়াঢল-কুমতীয়া আৰু ন নদীৰ বাঢ়নী পানীয়ে বুৰালে গোগামুখ ৰাজহ চক্ৰৰ ৪০খন আৰু ধেমাজি ৰাজহ চক্ৰ অন্তগৰ্ত ২০খনৰো অধিক গাঁও। বাৰে বাৰে বানত আক্ৰান্ত এইসকল কৃষিজীৱী ৰাইজলৈ এতিয়া নামি আহিছে তীব্ৰ অমানিশা। এসপ্তাহ ধৰি আবৰ পাহাৰত আৰু ভৈয়ামত নেৰানেপেৰাকৈ বৰষুণৰ ফলত ওফন্দি উঠিছে জীয়াঢল-ন নদী।

ভদীয়া  পানীয়ে বুৰাই পেলাইছে বিশেষকৈ গোগামুখ ৰাজহ চক্ৰৰ অন্তগৰ্ত ৰতুৱা, বেৰভঙা,বৰদৈ, বৰদৈ তিনি আলি, চুতীয়াকাৰী, বেতনিশুলা, বালি চাপৰি, পানীমেৰানী,  গুড়ৰথালি, ১ নং খনা, ২ নং খনা, গোসাঁইবাৰী , লক্ষীপথাৰ, ভোমাৰ লগতে বৰদলনি, ভেৱেলী, মধ্যমিংমাং, মিছামাৰি,লতাক অঞ্চলৰ  বিভিন্ন গাঁও অঞ্চল বানৰ কৱলত পৰে ।

একেদৰে ধেমাজি ৰাজহ চক্ৰৰ ধৰ্মপুৰ, কাঁহচলা বড়ো গাঁও, অঞ্জলি চাপৰিৰ শতাধিক পৰিয়ালে বানৰ কৱলত পৰি ধৰ্মপুৰ প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় শিবিৰত আছে।