অসম

ধেমাজি নগৰৰ মাজমজিয়াত নিশা বনৰীয়া হাতীৰ বিচৰণ, আতংকিত ৰাইজ…

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ বৃহস্পতিবাৰে নিশা ধেমাজিত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহে বন্যহস্তীৰ এটা জাক। ধেমাজিৰ বঙাল মাৰী, আমগুৰি দিশৰ পৰা এফালৰ পৰা আৰম্ভ কৰি ৰতনপুৰ, নলনীপাম, তুলশীবাৰী, গীতানগৰৰ লগতে নগৰ খনৰ কেইবাঠাইতো ঘৰ দুৱাৰ ভাঙি তহিলং কৰে বন্যহস্তীৰ জাকটোৱে।

ধেমাজি নগৰখনত মুকলি কৈ বিচৰণ কৰাত ধেমাজি বাসী আতংকিত হৈ পৰিছে ৷ নিশা এনেদৰে বনৰীয়া হাতীৰ জাক বিচৰন কৰাত ধেমাজি নগৰৰ ৰাইজে হাতে হাতে জুই লৈ, টিং বজাই হাতীৰ জাকটোক খেদিবলৈ চেষ্টা কৰিছে যদিও আতৰি যোৱা নাই৷