দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল
দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল 
অসম

ধেমাজি সদৰ দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা...

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি সদৰ দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ বৃহস্পতিবাৰে ঘোষিত হোৱা ফলাফল মতে ৪ টা সমষ্টিৰ ভিতৰত ২টা সমষ্টিতেই জে পি পি দল আন দুটা সমষ্টিত ক্ৰমে নিৰ্দ্দলীয় আৰু বি জে পিয়ে জয়লাভ কৰিবলৈ সক্ষম হয় ৷

ঘোষিত ফলাফল অনুসৰি ১০ নং চিচিবৰগাঁও সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী দেৱকান্ত দেউৰীয়ে নিকটতম প্ৰতিদ্বন্দ্বী বি জে পিৰ ভৱানী দেউৰীক ১৩৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হয় ৷ ১১ নং শ্ৰীপানী সমষ্টিত জে পি পি প্ৰাৰ্থী বীনাপানী দেউৰীয়ে নিকটতম প্ৰতিদ্বন্দ্বী বি জে পি জোনমনি দেউৰীক ১৬২ ভোটত পৰাস্ত কৰে ৷

8১৪ নং গোগামুখ সমষ্টিত বি জে পি প্ৰাৰ্থী ৰাকেশ বৰদেউৰীয়ে নিৰ্দ্দলীয় প্ৰাৰ্থী ধমেন্দ্ৰ দেউৰীক ২৬ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হয় ৷ ১৩ নং বৰদলনি সমষ্টিত জে পি পি প্ৰাৰ্থী জিন্টুচান দেউৰীয়ে নিকটতম প্ৰতিদ্বন্দ্বী অ গ পৰ চিদানন্দ দেউৰীক ৪১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয় লাভ কৰে ৷