অসম

ধেমাজিত গো সুৰক্ষা আইন বাতিলৰ দাবীত চিপিআইৰ প্ৰতিবাদী ৰেলী…

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ বহু বিতৰ্কিত গো সুৰক্ষা বিধেয়ক ২০২১ বাতিলৰ দাবীত মঙলবাৰে দুপৰীয়া প্ৰায় ১২ মান বজাত ধেমাজি জিলা চিপিআই দলৰ পাঁচ শতাধিক কৰ্মীয়ে হাতে হাতে বেনাৰ পোষ্টাৰ প্লে' কাৰ্ড লৈ গো সুৰক্ষা বিধেয়ক শীঘ্ৰে বাতিল কৰা অথবা কৃষকৰ অনিষ্টকৰ এই সাম্প্ৰদায়িক বিধেয়ক শীঘ্ৰেই বাতিল কৰা শ্ল'গানেৰে উত্তাল কৰি ধেমাজি নগৰত এক প্ৰতিবাদী ৰেলী বাহিৰ কৰে ৷ নগৰখনৰ ১৫ ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰতিবাদ কৰি গৈ প্ৰতিবাদকাৰী সকলে পুনৰ ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল পৰিৱেশ সৃষ্টি কৰে ৷

প্ৰায় আধাঘণ্টা সময় ধৰি প্ৰতিবাদী কাৰ্য্যসূচী অব্যাহত থকা ফলত ধেমাজি নগৰত যান জঁট সমস্যাৰ সৃষ্টি হোৱাৰ লগতে নগৰৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰে ৷ ইপিনে প্ৰতিবাদস্হলিতে হোৱা প্ৰতিবাদী সভাত ধেমাজি জিলা চিপিআই দলৰ প্ৰতিবাদকাৰী সকলে কৃষক বিৰোধী এই বিধেয়ক মানি লোৱা নহ'ব বুলি স্পষ্ট মন্তব্য কৰে ৷