অসম

ধেমাজিত পুনৰ ৪৮জন কোভিড পজিটিভ, এজনৰ মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ বুধবাৰে ধেমাজি জিলা স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন ঠাইত কৰা ২১৪৩ কোৰোনা টেষ্ট পৰীক্ষাৰ ভিতৰত ৪৮ গৰাকীয়েই কোভিড পজিটিভ হিচাপে ধৰা পৰিছে ৷ বুধবাৰে চিনাক্ত হোৱা লোককেইজনৰ সৈতে ধেমাজি জিলাখনত ক'ভিড পজিটিভত মৃত্যু হোৱা সংখ্যা ৬৪৭৪ জনলৈ বৃদ্ধি পালে ৷ ইফালে বুধবাৰে কোভিড পজিটিভত ধেমাজি জিলা চিলাপথাৰৰ নৱাবতী পেগু(৫৯) মহিলা গৰাকীৰ মৃত্যু হয় ৷

বুধবাৰে মৃত্যু হোৱা গৰাকীৰ সৈতে জিলাখনত ক'ভিড পজিটিভত হোৱা সংখ্যা ৫৩ জনলৈ বৃদ্ধি পালে ৷ জিলা স্বাস্থ্য বিভাগে উন্নত চিকিৎসাৰ বাবে বুধবাৰে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়লৈ তিনিজনক প্ৰেৰণ কৰিছে ৷ আনহাতেদি বুধবাৰে সুস্থ হোৱা বাবে জিলা স্বাস্থ্য বিভাগে হোম আইছ'লেচন আৰু চিকিৎসালয়ৰ পৰা মুঠ ৩৩ জনক ৰিলিজ কৰি দিছে ৷