অসম

ধেমাজিত আকৌ ৭১জন কোভিড পজিটিভ, মৃত্যু এজনৰ…

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা স্বাস্থ্য বিভাগে সোমবাৰে জিলাখনৰ বহু ঠাইত কৰা ৰেপিড আৰু এন্টিজেন ৰেপিড টেষ্টত মুঠ ৭১ জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। সোমবাৰে চিনাক্ত হোৱা লোকেইজনৰ সৈতে জিলাখনত কভিড পজিটিভৰ সংখ্যা ৩৩৪৭ জনলৈ বৃদ্ধি পালে ৷

ইফালে সোমবাৰৰ পুৱতি নিশা প্ৰায় ১.২০ বজাত মুহিৰাম হাজৰিকা (৭৬) নামৰ ধেমাজি কেন্দুগুৰি কছাৰী পথাৰৰ লোকজন কোভিড পজিটিভত মৃত্যু হয় ৷ উল্লেখ্য যে যোৱা ১৫ ছেপ্তেম্বৰত ধেমাজি স্বাস্থ্য বিভাগে কভিড পজিটিভ চিনাক্ত হোৱা পিছতেই তেওঁক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়লৈ প্ৰেৰন কৰিছিল ৷

বিগত এক সপ্তাহ দিন ধৰি চিকিৎসাধীন অৱস্থাতে নিশা তেওঁৰ মৃত্যু হয় ৷ এতিয়ালৈকে জিলাখনত ২২৯৮ জনে সুস্থ হোৱা লগতে বৰ্তমানেও ৭১জন কোভিড ৰোগীয়ে চিকিৎসাধীন অৱস্থাত আছে ৷ সৰ্ব্ব মুঠ জিলাখনত আজিলৈকে স্বাৱ টেষ্ট পৰীক্ষাৰ কৰা সংখ্যা হৈছে ৫২,২১৬ জনৰ ৷