অসম

ধেমাজিত ১৬৩ জনৰ কোভিড পজিটিভ…

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ বৃহস্পতিবাৰে ধেমাজি জিলা স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন ঠাইত কৰা ১২৪০ গৰাকী কোৰোনা টেষ্ট পৰীক্ষাৰ ভিতৰত ১৬৩ গৰাকীয়েই কোভিড পজিটিভ হিচাপে ধৰা পৰিছে ৷ বৃহস্পতিবাৰে স্বাস্থ্য বিভাগে উন্নত চিকিৎসাৰ বাবে ৩ জনক অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰলৈ প্ৰেৰণ কৰিছে ৷

ইফালে, স্বাস্থ্য বিভাগে বৃহস্পতিবাৰে ১৬৩ জনকেই হোমআইছ'লেচনত দিয়া লগতে ৫১ জনক ৰিলিজ কৰি দিছে ৷ বৃহস্পতিবাৰে চিনাক্ত হোৱা ৰোগীৰ সৈতে জিলাখনৰ সক্ৰিয় ৰোগীৰ সংখ্যা ৯৪৩ জনলৈ বৃদ্ধি পালে ৷