অসম

ধেমাজিত ৩৬ জনৰ কোভিড পজিটিভ…

asomiyapratidin

ডিজিটেল সংবাদ ,ধেমাজিঃ মঙলবাৰে ধেমাজি জিলা স্বাস্থ্য বিভাগে কৰা ৫৬৭ গৰাকী কোভিডৰ টেষ্ট পৰীক্ষাৰ ভিতৰত ৩৬ গৰাকীয়েই কোভিড পজিটিভ হিচাপে ধৰা পৰিছে ৷ মঙলবাৰে চিনাক্ত হোৱা লোকসলৰ সৈতে জিলাখনত কোভিড পজিটিভৰ শতকৰা হাৰ ৬.৩% শতাংশলৈ বৃদ্ধি পালে ৷ জিলা চিকিৎসা বিভাগে মঙলবাৰে হোম আইছ'লেচনত ৩৪ জনক আৰু ধেমাজি অসামৰিক চিকিৎসালয়ত ৮ জনৰ সৈতে মুঠ ১০ জনে চৰকাৰী চিকিৎসালয়ত নাম ভৰ্তি কৰিছে । মঙলবাৰৰ লৈকে জিলাখনত সক্ৰিয় কোভিড পজিটিভৰ ৰোগীৰ সংখ্যা ১০৪ জনলৈ বৃদ্ধি পালে ৷