অসম

মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা দাবীৰে ধেমাজি উপায়ুক্তৰ কাৰ্যালয় উত্তাল ধেমাজি জিলা কংগ্ৰেছৰ…

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ অসমৰ মুখ্যমন্ত্ৰী তথা পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত শুকুৰবাৰে ধেমাজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে ধেমাজি জিলা কংগ্ৰেছ কৰ্মীসকলে৷ আৰম্ভণিতে ধেমাজি জিলা কংগ্ৰেছৰ কাৰ্য্যালয় ইন্দিৰা ভৱনৰ পৰা নগৰৰ মাজেৰে উপায়ুক্ত কাৰ্যলয়লৈকে এক বৃহৎ প্ৰতিবাদী সমদল উলিয়ায়৷ ইয়াৰ পিছতেই প্ৰতিবাদীসকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু পত্নী ৰিনিকী ভূঞা শৰ্মাক অতি শ্ৰীঘে গ্ৰেপ্তাৰ কৰক, বিজেপি চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী পৰিয়ালৰ মাটি কেলেংকাৰী অতিশীঘ্ৰ তদন্ত কৰক,ৰিনিকী ভূঞা গ্ৰেপ্তাৰ কৰক আদি শ্লোগানে উত্তাল কৰি তোলে ৷

লগতে আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড আৰু অসমৰ মুখ্যমন্ত্ৰীৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল দ্বাৰা সংঘটিত ভূমি কেলেংকাৰীক উচ্চ পৰ্যায়ৰ তদন্ত দাবী জনাই ধেমাজি জিলাৰ উপায়ুক্ত জড়িয়তে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ শৰ্মা , সম্পাদক দ্বয় শৈলেন সোনোৱাল, ৰামান্না বৰুৱা, ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি মহেন্দ্ৰ বৰগোঁহাই , উপ- সভাপতি যুগল বুঢ়াগোঁহাই, সাধাৰণ সম্পাদক নয়নমণি বুঢ়াগোহাঁই আৰু সামাজিক মাধ্যমৰ সমন্বয়ক ৰাজীৱ বৰাৰ নেতৃত্বত প্ৰায় জিলাখনৰ তিনি শতাধিক কংগ্ৰেছ কৰ্মীয়ে ৰাজ্যপাললৈ এখনি স্মাৰকপত্ৰ ও প্ৰেৰণ কৰে ৷