অসম

ধেমাজি অসামৰিক চিকিৎসালয়ত ৰক্তদান শিবিৰ ও সজাগতা সভা…

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ অসমৰ বিভিন্ন চিকিৎসালয় সমূহত চিকিৎসাধীন হৈ থকা অসহায় ৰোগী সকলৰ উপকাৰ হোৱা লক্ষ্যৰে ধেমাজি স্বেচ্ছাসেৱী সংগঠন "সোনিতসাগৰ"ৰ উদ্যোগত আৰু ধেমাজি অসামৰিক চিকিৎসালয়ৰ সহযোগত ধেমাজি অসামৰিক চিকিৎসালয়ত শনিবাৰে পুৱা ১১ বজাৰ পৰা বিয়লি ২ বজাৰ লৈকে এটি স্বেচ্ছামূলক ৰক্তদান শিবিৰ ও এখনি সজাগতা শিবিৰ অনুষ্ঠিত হয় ৷

কাৰ্য্যসূচীৰ অন্তত স্হলিতে এখনি সজাগতা সভাও অনুষ্ঠিত হয় ৷ সজাগতা সভাত অংশ গ্ৰহণ কৰি জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ যোগেন দাস আৰু ডাঃ বিপুল ৰংহাঙে বক্তব্যত ৰক্তদান মহান দান বুলি উল্লেখ কৰি ইয়াৰ উপকাৰিতা সজাগতাৰ সম্পৰ্কে বিতং কৈ বুজাই কয় ৷

স্বেচ্ছাসেৱী সংগঠন "শোনিতসাগ"ৰ উপদেষ্টা ৰাজীব বৰা, সভাপতি অবিনাশ ৰাজখোৱা আৰু সম্পাদক দিলীপ চুতীয়াৰ সৈতে স্বেচ্ছাসেৱী সংগঠনৰ সকলোকে এনে কামৰ বাবে প্ৰশংসা তথা শলাগ লয়৷ প্ৰায় ২০ জনতকৈ অধিক স্বেচ্ছাসেৱীৱে ৰক্তদান কৰা পিছত স্বেচ্ছাসেৱী সংগঠনটিৰ সদস্য তথা ধেমাজি বিদেশী ন্যায়াধীকৰণৰ দণ্ডাধীশ বিপুল গগৈয়েও ৰক্তদান কৰি বক্তব্যত আমি মনত বহুত শান্তি পাইছো আৰু অসহায় ৰোগীক সহায় কৰাটো আনন্দই সুকীয়া বুলি উল্লেখ কৰে ৷ কাৰ্য্যসূচীৰ সামৰণিত ৰক্তদান কৰা সকলক একোখনকৈ মান পত্ৰ প্ৰদান কৰা লগতে এটিকৈ গছৰ পুলি উপহাৰ দিয়া হয় ৷