অসম

নেচনেল টেলেণ্ট ছাৰ্চ পৰীক্ষাত লোহিতৰ সাফল্য..

asomiyapratidin

নেচনেল টেলেণ্ট ছাৰ্চ পৰীক্ষাত লোহিতৰ সাফল্য..

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি নগৰস্থিত ব্যক্তিগত শিক্ষানুষ্ঠান সুবিদ্যা আৰ. ই. এম. হাইস্কুলৰ দশম শ্ৰেনীৰ ছাত্ৰ লোহিত বসুমতাৰীয়ে বিগত বছৰৰ ১৩ ডিচেম্বত অনুষ্ঠিত হোৱা নেচনেল টেলেন্ট ছাৰ্চ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ৷ সদ্য ঘোষিত ফলাফলত লোহিতৰ এই সাফল্যই বিদ্যালয়খনৰ লগতে ধেমাজিৰ গৌৰৱ কঢ়িয়াই আনিছে ৷ লোহিতৰ সাফল্যত বিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰী , ছাত্ৰ -ছাত্ৰী সকলৰ লগতে অঞ্চলৰ শুভাকাংক্ষী ৰাইজে উষ্ম অভিনন্দন জনাইছে ৷

লোহিত বসুমতাৰী ঘৰ ধেমাজি নগৰৰ ৪ নম্বৰ ৱাৰ্ডৰ নিবাসীৰ পিতৃ লক্ষন বসুমতাৰী আৰু মাতৃ বিষয়া বসুমতাৰীৰ দ্বিতীয় তথা কণিন্ঠ পুত্ৰ ৷ উল্লেখযোগ্য যে লোহিতৰ এক মাত্ৰ ককায়েক ধ্ৰুৱজ্যোতি বসুমতাৰীয়ে যোৱা ২০১৬ চনত ধেমাজি ব্যক্তিগত শিক্ষানুষ্ঠান কিৰন একাডেমীৰ পৰা হাইস্কুল শেষান্ত পৰীক্ষাত পৰীক্ষা দি উনবিংশ (১৯)নম্বৰত ষ্টেণ্ড কৰি ধেমাজি জিলালৈ গৌৰৱ কঢ়িয়াই আনিছিল৷