অসম

দুই লেনযুক্ত পথ নিৰ্মাণক লৈ কেলেংকাৰী! ধেমাজি জিলা আটাছুৰ স্মাৰক পত্ৰ…

asomiyapratidin

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজিত হৈ যোৱা কেবিনেটৰ অনুমোদন মৰ্মে ধেমাজি তেলিজান তিনিআলিৰ পৰা মাছখোৱা হৈ ঢকুৱাখনালৈকে হ'বলগা দুই লেনযুক্ত পকীকৰণৰ পথটি নিৰ্মাণকলৈ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিয়ে বুধবাৰে বিয়লি ধেমাজি উপায়ুক্তক এখনি স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে ইয়াৰ প্ৰতিলিপি মুখ্যমন্ত্ৰী , শিক্ষামন্ত্ৰী আৰু লখিমপুৰ লোকসভাৰ সাংসদলৈও প্ৰেৰন কৰিছে।

তাই আহোম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সম্পাদক পংকজ বৰগোহাঁইয়ে স্বাক্ষৰিত কৰা স্মাৰকখনত ধেমাজি তেলিজান তিনিআলিৰ পৰা মাছখোৱা হৈ ঢকুৱাখনালৈ নিৰ্মাণ হ'ব লগা দুই লেনযুক্ত পকীকৰনৰ পথটি অনুমোদন লাভ কৰাৰ পিছতেই পূৰ্বতে বিভাগীয় কৃৰ্তৃপক্ষই প্ৰস্তুত কৰা প্ৰকৃত প্ৰাককলনৰ নক্সাৰ বিপৰীতে মাছখোৱা পেট্ৰল ডিপো স্বত্ত্বাধিকাৰী পংকজ মোহন য়েইন , মাছখোৱা জে.কে হাৰ্ডৱেৰ স্বত্তাধিকাৰী জয়ন্ত কোঁছৰ নেতৃত্বত বিভাগীয় কৃৰ্তৃপক্ষৰ কেইবাজনো বিষয়াৰ সহযোগত ন্যস্তস্বাৰ্থ সুবিধাৰ্থে বহলকৈ নিৰ্মাণ হ'ব লগা মাছখোৱা চাৰিআলিৰ অংশটি সংকুচিত কৰি নিৰ্মাণৰ অভিসন্ধি কৰিছে৷

স্মাৰক পত্ৰত থকা আন অভিযোগ অনুসৰি মাছখোৱা অঞ্চলত নিৰ্মাণ হ'বলগা চাৰিআলিটো সংকুচিত কৰি নিৰ্মাণ কৰিলে উক্ত ব্যক্তিসকলৰ সম্পত্তিৰ ক্ষুদ্ৰ অংশ নষ্ট হ'ব যদিও বিভাগীয় বিষয়া,অভিযন্তা আৰু মণ্ডলক মেনেজ কৰি সম্পূৰ্ণ সম্পত্তিৰ মূল্য চৰকাৰৰ পৰা আদায় কৰাৰ চক্ৰান্তও ইতিমধ্যে গঢ়ি তুলিছে বুলি অভিযোগ কৰিছে ৷ অতিশীঘ্ৰেই উপায়ুক্তই বিষয়টি হস্তক্ষেপ কৰি দণ্ডাধীশ পৰ্য্যায়ৰ তদন্ত কৰিবলৈ দাবী জনাইছে। অন্যথা সংগঠনটিয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলিও সকিয়াই দিছে ৷