অসম

মূল্যবৃদ্ধিৰ বিৰোধীতা কৰি ধেমাজিত আছুৰ উত্তাল প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ ,ধেমাজি: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে শুকুৰবাৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে হাতে ,হাতে বেনাৰ, পোষ্টাৰ , প্লে'কাৰ্ড লৈ বিজেপি চৰকাৰ হায় হায় , বিজেপি চৰকাৰ গ'বেক , প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কাম নাই , নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ লগতে প্ৰেট্ৰল ,ডিজেল মূল্যবৃদ্ধি ৰোধ কৰক ইত্যাদিৰ শ্লো'গানে আকাশ বতাহ কঁপাই তোলে।

জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা ধেমাজি চাৰি আলিলৈকে ১৫ নং ৰাষ্ট্ৰীয় পথেৰে প্ৰতিবাদী সমদল কৰি গৈ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সমুখত এখনি প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰি বক্তব্য ৰাখে জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মা , সাধাৰণ সম্পাদক কল্যান গগৈকে ধৰি জিলা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ কেবাগৰাকীও বিষয়ববীয়াই৷

বক্তব্যত তেওঁলোকে বজাৰত জুই-ছাই দাম হোৱা মূল্যবৃদ্ধিৰ প্ৰতি গুৰুত্ব নিদি কেৱল বিজিপি চৰকাৰখনৰ মন্ত্ৰী বিধায়ক সকলে কমিচন ৰাজচলাইছে বুলি অভিযোগ কৰে ৷ বক্তব্যত ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে বিজেপি চৰকাৰখনৰ প্ৰত্যেকজন নেতা পালিনেতাই বুনিয়াৰ গোষ্ঠীৰ ওচৰত বিক্ৰী গৈছে বুলি দাবী কৰিছে ৷ ৰাইজৰ উন্নয়নৰ কামকাজৰ প্ৰতি পিঠি দিয়া এই চৰকাৰখনে জনসাধাৰণক কেৱল কৰ'কাটলতে জুৰুলা কৰাই হিতাধিকাৰী সৃষ্টি কৰাতে ব্যস্ত আছে বুলি উল্লেখ কৰে ৷