অসম

কোভিড-১৯ত আক্ৰান্ত ধেমাজিৰ ৪জন লোক ট্ৰেইনযোগে আহিছিল চেন্নাইৰ পৰা…

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ সমগ্ৰ বিশ্বতেই মহামাৰী ৰূপে সন্ত্ৰাস সৃষ্টি কৰা কোৰোনা ভাইৰাছৰ আক্ৰান্ত তালিকাত যোৱা কালিলৈকে ধেমাজি জিলা খনৰ নাম নাছিল যদিও দেওবাৰে নিশা আৰু সোমবাৰে দিনত মুঠ চাৰি গৰাকী কোভিড -১৯ পজিটিভ লোক ধৰা পৰিছে। উল্লেখ্য যে, বিগত ২২ মাৰ্চৰ প্ৰথম পৰ্যায়ৰ লকডাউনৰ সময়খিনিৰ পৰা দেওবাৰৰ দিনৰভাগলৈকে কোনো কোৰোনা প্ৰভাৱ নথকা জিলাখনত কিছুদিনৰ পৰা বহিঃৰাজ্যত থকা ধেমাজিৰ লোক সকল কোৱাৰেন্টাইন চেন্টাৰ আহি পোৱা পিছতেই ধেমাজি স্বাস্হ্য বিভাগে উক্ত লোকসকলৰ দেহত স্বাস্থ্য পৰীক্ষা কৰি কোভিড -১৯ ধৰা পেলাইছে।

জানিব পৰা মতে যোৱা ১৯ মে'তেই চেন্নাই পৰা ০৬৯১৩ ই'গমৰ ট্ৰেইন খনেৰে ২৮ গৰাকীয়ে যোৱা ২২ মে'ত ডিব্ৰুগড় পালেহি৷ ডিব্ৰুগড়ৰ পৰা বাছ যোগে ধেমাজি জিলা প্ৰশাসনে একেলগে ২৮ জনকেই ধেমাজিত থকা আন্তঃ জিলা বাছ আস্হানৰ কোৱাৰেন্টাইন চেন্টাৰলৈ আনিছিল৷ যোৱা ২৩ মে'ত ধেমাজি বৰদলনি দিহিঙীয়া গাওঁৰ নীলমনি বৰগোহাঁইৰ নামৰ যুৱকজনৰ জ্বৰ, কাহঁ হোৱাৰ বাবে চিকিৎসকে সেই দিনাই ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল।

ইফালে চিকিৎসাধীন অৱস্হাতেই দেওবাৰে নিশা ১ মান বজাত ধেমাজি উপায়ুক্তলৈ নীলমনি বৰগোহাঁই কোভিড ১৯ পজিটিভ অৱগত কৰে৷ প্ৰথম জনৰ কোৰোনা পজিটিভ ওলোৱাৰ পিছতেই সোমবাৰে বিয়লিলৈ আকৌ শ্ৰীপানী জনকল্যাণ চাৰি আলিৰ অভিযান দেউৰী(৩২), ধেমাজি চমৰাজানৰ ৰটুৱা গাওঁৰ জ্ঞানজ্যোতি কোঁচ(২০) আৰু গোগামুখৰ এডুট গাঁৱৰ প্ৰবীন মিলি(২৬) ৰ কোভিড ১৯ পজিটিভ বুলি চিনাক্ত কৰিছে৷ সোমবাৰলৈকে জিলাখনৰ ৭টা কোৱাৰেন্টাইন চেন্টাৰত প্ৰায় ৭৬৮ কোৱাৰেন্টাইন কৰা পিছত ২৭৫ গৰাকীক হ'ম কোৱাৰেন্টাইন কৰি ঘৰলৈ যাবলৈ দিছিল।

ইতিমধ্যে ১৪৬২ জনৰ স্বাৱ টেষ্ট কৰিবলৈ দিছিল যদিও এতিয়ালৈকে ১২০২ ৰিপোৰ্ট আহি পোৱা লগতে ২৬০ জনৰ ৰিপোৰ্ট এতিয়াও আহিবলৈ আছে জিলা স্বাস্হ্য বিভাগৰ যুটীয়া সঞ্চালক ৰনিধৰ কাকতিয়ে জনাইছে৷ সোমবাৰে দুপৰীয়া ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনোৱাটৰ সৈতে ধেমাজি অসামৰিক চিকিৎসালয়লৈ যোৱা ধেমাজি জিলাৰ উপায়ুক্ত নৰসিং পৱাৰে সাংবাদিকসকলৰ আগত ধেমাজি অসামৰিক চিকিৎসালয়ৰ কোৰোনা ৰোগী থকা পুৰণি চিকিৎসালয়খনি কন্টেইনমেন্ট জ'ন হিচাপে আজি ঘোষণা কৰে৷