অসম

ধনশিৰি মহকুমাত ONGCত ভূকম্পন জৰীপৰ বাবে বিস্ফোৰণঃ আতংকিত ৰাইজ, ঘৰৰ মজিয়াতো মেলিঁলে ফাঁট…

asomiyapratidin

ডিজিটেল সংবাদ, সৰুপথাৰঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত দেৱী কনষ্ট্ৰাকচন নামৰ হাইদৰাবাদৰ এটা কোম্পানীয়ে ONGC ৰ পৰা ঠিকা লাভ কৰি খাৰুৱা তেলৰ সন্ধানত ধনশিৰি মহকুমাৰ বিভিন্ন অঞ্চলত যোৱা কিছু দিন ধৰি ভূকম্পন জৰীপৰ বাবে কৰা বিস্ফোৰণৰ শব্দ আৰু প্ৰভাৱে অঞ্চলবাসীক আতংকিত কৰি তুলিছে ।

দৈনিক এটা বৃহৎ শব্দই ধনশিৰি মহকুমাটোৰ লগতে দাঁতি কাষৰীয়া কাৰ্বি আংলং জিলাৰ কেইবাখনো গাওঁত আতংকৰ সৃষ্টি কৰাৰ লগতে বহু মানুহৰ ঘৰৰ পকীবেৰত ফাঁট মেলিছে ৷ তাৰোপৰি কিছুলোকৰ দমকলৰ পৰা পানী ওলোৱা বন্ধ হৈ পৰিছে ৷ লগতে বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী আৰু অঞ্চলবাসীৰ মাজত মাজত আতংকৰ সৃষ্টি হৈছে ।

ONGC কৰ্তৃপক্ষৰ বিৰুদ্ধে কেৱল ঠিকা প্ৰদান কৰি দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে চুতীয়া ছাত্র সন্থাই । আনহাতে ধনশিৰি মহকুমাৰ মহকুমাধিপতিক বিষয়টোৰ সন্দৰ্ভত উচিত তদন্তৰ লগতে উক্ত কামসমূহ বন্ধ কৰিবলৈ স্মাৰক পত্র প্ৰেৰণ কৰাৰ লগতে উক্ত কামসমূহ বন্ধ কৰিবলৈ দাবী জনায় ।