অসম

ধলপুৰ আৰক্ষী চকীৰ ১৭ জন জোৱান কোৰোনাত আক্ৰান্ত…

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ নাৰায়ণপুৰৰ ধলপুৰ আৰক্ষী চকীত শনিবাৰে পুনৰ ১১ জন আৰক্ষী জোৱানৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। ইয়াৰ আগতেও ৬জন আৰক্ষী জোৱানৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ। ইয়াৰ পাছতে আৰক্ষীচকীখনৰ লগতে সমগ্ৰ অঞ্চলতে এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে।


সমান্তৰালভাৱে নাৰায়ণপুৰৰ বৰবালিতো আন ৩ জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ । সম্প্ৰতি কোৰোনাত আক্ৰান্ত জোৱান কেইজনৰ লগতে আন তিনিজন লোককো খেৰাজখাস্থিত পলিটেকনিক কলেজত স্থাপন কৰা কোভিড হাস্পতালত ভৰ্ত্তি কৰোৱা হৈছে ।