অসম

কৃষি আইন বাতিলৰ দাবীত ধলপুৰত কংগ্ৰেছৰ জোঁৰ সমদল…

asomiyapratidin

ডিজিটেল সংবাদ, শিমলুগুৰিঃ কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা কৃষি আইনৰ বিৰোধীতাৰে লখিমপুৰ জিলাৰ ধলপুৰত সোমবাৰে ধলপুৰ আৰু গণকদলনী মণ্ডল যুৱ কংগ্ৰেছৰ উদ্যোগত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ কৰ্মী সকলে।

বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰাৰ লগতে প্ৰায় দুই শতাধিক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰা এই জোঁৰ সমদল ধলপুৰ এম ভি স্কুলৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে দকুৱা হৈ পুনৰ ধলপুৰত উপস্থিত হয় ৷ প্ৰতিবাদকাৰী সকলে কৃষি আইন বাতিল কৰক, নৰেন্দ্ৰ মোডী গ' বেক , বিজেপি চৰকাৰ হায় হায়, পঞ্চায়তৰ দুনীতি নচলিব আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷