অসম

ঢকুৱাখানাৰ পথাৰতো চলিছে ভোগালীৰ উৰুকা ভোগৰ প্ৰস্তুতি…

asomiyapratidin

ডিজিটেল ডেস্ক : আজি উৰুকা । ভোগালী বিহু উদযাপনৰ বাবে সাজু হৈছে সকলো । ঢকুৱাখানতো উৰুকাৰ প্ৰস্তুতি চলিছে পূৰ্ণগতিত ।শিশু কিশোৰৰ মাজত উৰুকাৰ ভেলাঘৰ আৰু মেজি নিৰ্মানৰ লগতে সন্ধিয়াৰ ভোজলৈ মাছ পুথি যোগাৰ কৰাৰ উচাহ যেন জ্যেষ্ঠ সকলোতকৈও বেছি ধান কাটি নিয়া পথাৰৰ নৰাৰে তেওঁলোকেও ভেলাঘৰ ।

এইবোৰ ভেলাঘৰ পিছে তেওঁলোকৰ বয়সৰ জোখাৰে বনোৱা । সেয়েহে আকাৰত সৰু । উৰুকাৰ উদযাপনৰ বাবে সেই ভেলাঘৰ আৰু মেজি হাঁহি তামাচাৰ মাজেৰেই তেওঁলোকে বনাইছে ।কুমলীয়া লৰা ছোৱালীৰ মন জাতীয় কৃষ্টি আৰু স্বাভিমানৰ প্ৰতীক বিহুৰ ঐতিহ্য আৰু সমৃদ্ধিৰে ভৰপূৰ ।

সেয়ে তেওঁলোকে আকাৰত সৰ ভেলাঘৰৰ ভিতৰত ভোজ খাব নোৱাৰিলেও ইয়াৰ দাঁতিতে ৰান্ধিব অভিভাৱকৰ তদাৰকত বিল পৰা ধৰি অনা মাছ,ঘৰৰ হাঁহ আৰু বাৰীৰ পাচলীৰ সুস্বাদ্যু ভোজভাত । ঢকুৱাখানৰ বৰুৱা টিকাৰ দৃশ্য এয়া ।

কণ কণ লৰা ছোৱালী হতে হাতেৰে জাতীয় পৰম্পৰা ৰক্ষা কৰি এইদৰে নিজাকৈ সাজিছে আদৰৰ ভেলাঘৰ আৰু মেজি । এয়া সম্পূৰ্ন হৈ উঠাত তেওঁলোকৰ মুখত জিলিকি উঠিছে সফলতাৰ অনন্য উজ্জ্বল আভা । এই আভায়েইতো কঢ়িয়াই প্ৰজন্মৰ পিছত প্ৰজন্মৰ বুকুত সজীৱ হৈ থকা অসমীয়া জাতিৰ স্বাভিমান ।