অসম

ঢকুৱাখনা মহকুমাৰ ৭ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব টেট’ৰ পৰীক্ষা, সকলো প্ৰস্ততি সম্পূৰ্ণ প্ৰশাসনৰ

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ বহু কল্পনা-জল্পনাৰ শেষত ১০ নৱেম্বৰত ৰাজ্যজুৰি অনুষ্ঠিত হ'ব ৰাজ্যৰ লাখ লাখ নিৱনুৱা যুৱক-যুৱতীৰ বাবে বহু প্ৰত্যাশিত শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষা টেট। ইয়াৰ বাবে ৰাজ্যৰ অন্যান্য ঠাইৰ দৰে ঢকুৱাখনা মহকুমা প্ৰশাসনেও সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।শুকুৰবাৰে সংবাদ মাধ্যমক জনোৱা মতে-ঢকুৱাখনাৰ ৭ টা পৰীক্ষা কেন্দ্ৰত টেট পৰীক্ষা অনুষ্ঠিত হ'ব।পৰীক্ষা কেন্দ্ৰ কেইটা হ'ল-ঘিলামৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ঢকুৱাখনা মহাবিদ্যালয়, ঢকুৱাখনা নৰ্মাল স্কুল, ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ঢকুৱাখনা ছোৱালী হাইস্কুল, হাৰ্হি মহাবিদ্যালয় আৰু ব্ৰহ্মপুত্ৰ ডিগ্ৰী মহাবিদ্যালয়।

এই প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে মহকুমা প্ৰশাসনে সংশ্লিষ্ট বিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত সকলো যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। অন্যহাতে পৰীক্ষাৰ দিনা ৭ টা পৰীক্ষা কেন্দ্ৰৰ ৫০ মিটাৰ ব্যাসাৰ্ধৰ লৈকে ৩ জনতকৈ অধিক লোকৰ সমাৱেশ নিষিদ্ধ কৰি ১৪৪ ধাৰা জাৰি কৰিছে ঢকুৱাখনা মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ অৰিন্দম বৰুৱাই। ইফালে ঢকুৱাখনা মহকুমা প্ৰশাসনে দিয়া নিৰ্দেশনা অনুসৰি পৰীক্ষাৰ্থী সকলে পৰীক্ষা হ'লৰ ভিতৰলৈ মোবাইল, কেলকুলেটৰ, বৈদ্যুতিক সামগ্ৰী, কাগজ, কিতাপ ইত্যাদি নিব নোৱাৰিব।

পৰীক্ষাৰ্থীসকলে পৰীক্ষা হ'লৰ ভিতৰলৈ যাওঁতে এডমিট কাৰ্ড, নীলা বা ক'লা ৰঙৰ চিয়াঁহীৰ কলম আৰু ফটো পৰিচয় পত্ৰ হিচাপে আধাৰ কাৰ্ড, বেংক পাছবুক, পান কাৰ্ড ইত্যাদি নিয়াটো বাধ্যতামূলক। উল্লেখ্য যে, পৰীক্ষাৰ্থীসকলে অৱশ্যে মানি বেগ লগত নিব পাৰিব। তদুপৰি পুৱাৰ ভাগৰ পৰীক্ষাৰ্থীয়ে ৮ বজাত আৰু বিয়লি বেলাৰ পৰীক্ষাৰ্থীয়ে ১২ বজাৰ ভিতৰত পৰীক্ষা হ'লত প্ৰৱেশ কৰিব লাগিব বুলিও জানিবলৈ দিছে।