অসম

মধ্য চামপৰা উচ্চ আৰু জয়া মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক কনক চুতীয়াক অৱসৰ সম্বৰ্ধনা…

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঘিলামৰা অঞ্চলৰ দক্ষিণ গাঁৱত মধ্য চামপৰা জয়া মধ্য ইংৰাজী বিদ্যালয় নামৰ জ্ঞান মন্দিৰৰ প্ৰতিষ্ঠাৰে বৰেণ্য বিদ্যায়তনিক অৱদান আগবঢ়াই যোৱা শিক্ষাগুৰু কনক চুতীয়াক দেওবাৰে অৱসৰকালীন সম্বৰ্ধনা জনোৱা হয় ।  বিগত দুটা দশকৰো অধিক কাল বিনা বেতনেৰে আৰু মুঠ ৩৬ টা বছৰ জ্ঞানৰ গৰিমা বিলাই চুতীয়াই ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণৰ প্ৰাকক্ষণত দেওবাৰে বিদ্যালয় পৰিয়াল আৰু অঞ্চলবাসী ৰাইজে অৱসৰকালীন সম্বৰ্ধনা জনায়।

এই সন্দৰ্ভত দেওবাৰে দুপৰীয়া আয়োজিত সভালৈ অৱসৰ প্ৰাপ্ত শিক্ষক চুতীয়াক স্বগৃহৰ পৰা গায়ন-বায়নেৰে আদৰি আনে বিদ্যালয় পৰিয়ালে। বিদ্যালয় প্ৰাংগণত উপস্থিত হোৱাৰ পাছতেই বিশিষ্ট লেখক, সমাজ কৰ্মী পূৰ্ণ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হয় সম্বৰ্ধনা সভাৰ। বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত সম্বৰ্ধনা সভাত নিৰ্দিষ্ট বক্তা হিচাপে অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ভোগেশ্বৰ লাহন , বিশিষ্ট অতিথি হিচাবে জ্যেষ্ঠ সাংবাদিক অমৃত পৱন বৰাই অংশ গ্ৰহণ কৰি বক্তব্য আগবঢ়ায়।

মধ্য চামপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক গিৰিশ চুতীয়াই মুকলি সভা আৰু মঞ্চ উদ্ধোধনৰ পাছতে বিদ্যালয়ৰ সহকাৰী শিক্ষক দুলাল দিহিঙীয়াই আঁত ধৰা মুকলি সভাৰ আদৰণি অনুষ্ঠানৰ পৰিচালনা কৰে বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰঞ্জিতা হাজৰিকা আৰু ভুৱন গগৈয়ে। সমগ্ৰ দক্ষিণ ঘিলামৰা অঞ্চলৰ গৰিষ্ঠ সংখ্যক শিক্ষাব্ৰতী ৰাইজ, অভিভাৱক ৰাইজ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰমা হিলৈদাৰী আদি উপস্থিত থকা সভাত ২৫ বছৰ বিনা বেতনেৰে মুঠ ৩৬ বছৰ সেৱা আগবঢ়োৱা অৱসৰী শিক্ষক কনক চুতীয়াক বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা চেলেং চাদৰ , গামোচা ,ধৰ্মীয় গ্ৰন্থ , বস্ত্ৰ সম্ভাৰ , সঁফুৰা, ছাতি , সম্বৰ্ধনা পত্ৰ প্ৰদান কৰাৰ লগতে একালৰ অনুজ শিক্ষক নিৰু হাতীবৰুৱাই চেলেং চাদৰ ,সঁফুৰাৰে,দক্ষিণ গাঁও যুৱক সংঘই গামোচা ,সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰে ,প্ৰাক্তন শিক্ষাৰ্থী সকলে গামোচা ধৰ্ম গ্ৰন্থৰে সম্বৰ্ধনা জনায়।

১৯৮৮ চনৰ ২৩ জানুৱাৰীৰ পৰা  চৰকাৰৰ নিয়মীয়া বেতন ভোগী শিক্ষক হিচাবে যোগদান কৰি অতুলনীয় সেৱা আগবঢ়াই যোৱা চুতীয়াৰ  অৱসৰকালীন সম্বৰ্ধনা সভাত ছাত্ৰী জয়শ্ৰী দিহিঙীয়া , নিজৰা লাহন,তুলিকা গগৈ, লাকি দিহিঙীয়া,মেৰী হাতী বৰুৱাৰ নৃত্যৰ লগতে ববিতা টাইড আৰু সংগীবৃন্দ ঐনিতম আৰু বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ গীতে মাতে জীপাল কৰি তোলা সম্বৰ্ধনা সভাত অতি অমায়িক , নিয়মানুৱৰ্তী প্ৰতিস্থাপক সহকাৰী শিক্ষক চুতীয়াৰ সফল কৰ্মজীৱনৰ গুনানুকীৰ্তন কৰে প্ৰধান শিক্ষক ডিম্বেশ্বৰ গগৈ , সহকাৰী শিক্ষক কুল গোঁহাই, দুলাল দিহিঙীয়া,ভুৱন গগৈ, ৰঞ্জীতা হাজৰিকা, নিৰু হাতীবৰুৱা, জোনমনি গগৈ , গোপীনাথ হাতীবৰুৱা, পীতাম্বৰ শইকীয়া,  প্ৰাক্তন ছাত্ৰ বাবুল গগৈয়ে । সভাত অৱসৰপ্ৰাপ্ত শিক্ষক চুতীয়াই বিগত ৩৬ বছৰীয়া অভিজ্ঞতালব্ধ বক্তব্য ৰাখি এই বিদ্যালয়খন তেঁওৰ জীৱনী সুধা বুলি কৈ আমৃত্যু বিদ্যালয়খনৰ সতে সম্পৃক্ত হৈ থাকিব বুলি আবেগ বিহ্বল মন্তব্য কৰে ।