অসম

শিক্ষা মন্ত্ৰীৰ লগতে ছেবাৰ অধ্যক্ষক অপসাৰণৰ দাবী ঢকুৱাখনা ছাত্ৰ সন্থাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্যখনৰ ২০২৩ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা সফলতাৰে অনুষ্ঠিত কৰাত ব্যৰ্থ হোৱা 'ছেবা'ৰ অকৰ্মণ্যতাৰ প্ৰতিবাদত শুক্ৰবাৰে ঢকুৱাখনা মহকুমাত প্ৰতিবাদ । লাখ লাখ পৰীক্ষাৰ্থীৰ জীৱনকলৈ ভয়ংকৰ হেতালি খেলা কাণ্ডজ্ঞানহীন 'ছেবা' কৰ্তৃপক্ষ আৰু শিক্ষা বিভাগৰ মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ বিৰুদ্ধে সোচ্চাৰ হৈ ঢকুৱাখনা মহকুমাৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

পশ্চিম মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শুক্ৰবাৰে গোবিন্দপুৰ চাৰি আলিত প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে। চলিত বর্ষৰ পৰীক্ষাত দুটাকৈ বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাৰ আঁৰত 'ছেবা'ৰ  অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাৰ সোপাধিলা নীতি জড়িত থকাৰ লগতে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ অদক্ষ পৰিচালনা নীতি জড়িত থকাৰ অভিযোগ উত্থাপন কৰি তাৎক্ষণিক ভাৱে এই তিনি আমোলা মন্ত্ৰীক অপসাৰণ কৰাৰ লগতে নৈতিক দায়িত্ব স্বীকাৰ কৰি শীঘ্ৰে পদত্যাগ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র সন্থাই।

আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জ্ঞানদীপ বৰাৰ নেতৃত্বত সন্থাৰ কৰ্মকর্তাসকলে  গোবিন্দপুৰ চাৰি আলিৰ ৰাজপথত অৱস্থান কৰি "অকৰ্মণ্য বিজেপি চৰকাৰ গ বেক , ছেবা মুর্দাবাদ, শিক্ষা মন্ত্ৰী হুচিয়াৰ ,ছেবাৰ অধ্যক্ষ ৰমেশ জৈন পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাক তৎকালে নিলম্বন কৰক, শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে পদত্যাগ কৰক , শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেতালি খেলা চেবা মুর্দাবাদ" আদি শ্লোগান দি  শিক্ষা মন্ত্ৰী ডাঃ পেগু আৰু ছেবাৰ অধ্যক্ষ জৈন আৰু নিয়ন্ত্ৰক শৰ্মাৰ পুত্তলিকা দাহ কৰে ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থা ,ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থায়ো শুক্ৰবাৰে দুপৰীয়া ঢকুৱাখনা নগৰ চাৰি আলিত একে দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ।