অসম

ঢকুৱাখনাত ষ্টেট বেংকৰ ৫ কৰ্মচাৰীৰ দেহত কোৰোনাত আক্ৰান্ত…

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা নগৰত ক্ৰমাৎ ভয়াবহ ৰূপত সংক্ৰমণ আৰম্ভ হৈছে অতিমাৰী কোৰোনাৰ । একাংশ  অসচেতন ৰাইজৰ বেপৰোৱা ভূমিকা, কোভিড নীতি নিৰ্দেশনা পদপিষ্ট কৰি সামাজিক দূৰত্ব উলংঘা কৰা, মাস্ক পৰিধান নকৰা আদি  ভূমিকাৰ বাবে ক্ৰমাৎ কোৰোনাৰ ভয়াবহ সংক্ৰমণ হবলৈ গৈ আছে ঢকুৱাখনা । শেহতীয়া ভাবে ঢকুৱাখনা নগৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ ঢকুৱাখনা শাখাৰ মুঠ ৫ গৰাকী বিষয়া কৰ্মচাৰী এই ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। 

বেংকটোৰ  প্ৰবন্ধককে প্ৰমুখ্য কৰি সোমবাৰে মুঠ ৪ গৰাকী বেংক কৰ্মচাৰীৰ দেহত এই ৰোগৰ লক্ষণ ধৰা পৰিছে স্বাস্থ্য বিভাগৰ পৰীক্ষণ কালত। দৈনিক শ শ গ্ৰাহক ৰাইজৰ সমাগম হোৱা এই সদা ব্যস্ত বেংকটোৰ ৫ গৰাকীকৈ বিষয়া কৰ্মচাৰী কোভিডত আক্ৰান্ত হোৱা স্বত্বেও বেংকটোত কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনোধৰণৰ সতৰ্কতা মূলক কাৰ্য ব্যৱস্থা গ্ৰহণ নকৰাহে পৰিলক্ষিত হৈ আহিছে।  যাৰ পৰিণতিত এই সংক্ৰমণ অধিক হোৱাৰ আশংকা কৰা হৈছে।