অসম

ঢকুৱাখনাত মন্ত্ৰী হিমন্তৰ গড়কাপ্তানী বিভাগৰ অবাধ লুণ্ঠন, ২৮ কোটি টকীয়া পথ নিৰ্মাণত ভয়ংকৰ অনিয়ম…

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সভা সমিতিয়ে বিভাগীয় বিষয়া কৰ্মচাৰীক নীতি শিক্ষা দিলেও বাস্তৱ ক্ষেত্ৰত যে বহুবল্কী মন্ত্ৰী হিমন্তৰ কোনো কথাই গড়কাপ্তানী বিভাগৰ অভিযন্তা আৰু ঠিকাদৰে নামানে তাৰ যেন স্পষ্ট প্ৰমাণ ঢকুৱাখনাৰ এই দৃশ্য।

এইয়া আকৌ কোনো স্থানীয় ঠিকাদাৰৰ কাম বুলিও আপুনি নাভাবিব। অনা অসমীয়া ঠিকাদাৰী প্ৰতিষ্ঠান সাৰদা প্ৰজেক্ট লিমিটেডৰে কাম এইয়া। মন্ত্ৰী নৱ দলেৰ গৃহ সমষ্টি ঢকুৱাখনাত এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ইতিমধ্যে বিভিন্ন পথ নিৰ্মাণৰ নামত অবাধ লুণ্ঠন চলোৱাৰ পাছত এইবাৰ ২৮ কোটিৰ ওপৰৰ এই পথটোত দলং নিৰ্মাণৰ নামত এইদৰে চলাইছে লুণ্ঠনৰাজ।

উল্লেখযোগ্য যে ঢকুৱাখনাৰ কৃষ্ণপুৰ চাৰিআলিৰ পৰা মাজুলী সংযোগী পথৰ দাংধৰা নদীৰ দলঙৰ খুঁটাৰ ঢালাই শেহতীয়াকৈ হোৱা বাঢ়নী পানীত এৰি গল চকলা-চকলে। এতিয়া পানী শুকালত সেইবোৰ এইদৰেই মনে মনে চিমেন্ট লেপি ধাকি থব খোজিছে প্ৰতিষ্ঠানতোৱে। ইয়াৰ পূৰ্বেও এইখন দলঙৰ খুঁটা নিৰ্মাণত গড়কাপ্তানী বিভাগৰ হিচাপতকৈ কমকৈ চিমেন্ট ব্যৱহাৰ কৰা বাবে খুঁটা ফাটিছিল।

বিশেষকৈ প্ৰতি খুঁটাত ১২২ বেগ চিমেণ্ট ব্যৱহাৰ কৰাৰ পৰিবৰ্তে ১০২ বেগ চিমেণ্ট ব্যৱহাৰ কৰাই নহয় অতি নিম্ন মানৰ বালি, শিল, আৰু ৰদ ব্যৱহাৰ কৰাৰ ফলত খুব কম দিনৰ ভিতৰতে যে এইবোৰ পুনৰ ভাগি যাব সেইয়া ওলাই পৰিছে। সেয়ে ঢকুৱাখনাত পথ দলং নিৰ্মাণৰ নামত অবাধ লুণ্ঠন চলোৱা এই ঠিকাদাৰী প্ৰতিষ্ঠানটোক নাকী লগাবলৈ মহকুমা প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে।