অসম

ঢকুৱাখনাৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত আধ্যাত্মিক পৰম্পৰাৰে সৰস্বতী পূজা পালন…

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: এই বৰ্ষত দুদিনীয়া লগ্নৰে উদযাপিত হ'ব লগা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজাৰ বুধবাৰৰ পৰা ঢকুৱাখনাৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে। ঢকুৱাখনা চেন্ট্ৰেল স্কুলত পুৱাই সৰস্বতীৰ প্ৰতিচ্ছবিৰে দেৱীক স্থাপন কৰি শৰাই প্ৰতিষ্ঠা কৰে আমন্ত্ৰিত পূজাৰীয়ে। ইয়াৰ পিছতেই বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীগোট, শিক্ষাৰ্থীসমাজে সমূহীয়াকৈ ধূপ-দীপ জ্বলাই, বুট, মগুৰ, কল, কুহিয়াৰ, নাৰিকল ইত্যাদি দ্ৰব্য আগবঢ়াই সৰস্বতীয়ে সকলোৰে কণ্ঠত,স্মৃতিত ঠাই ল'বলৈ সেৱা-প্ৰাৰ্থনা আগবঢ়ায়।

ইয়াৰ পিছতেই আমন্ত্ৰিত এটি নামপাৰ্টীৰ দলে মুকলি মঞ্চত বিভিন্ন ভক্তিমূলক গীত পৰিৱেশন কৰি বিদ্যালয়খনৰ চৌপাশে এক আধ্যাত্মিক পৰিৱেশৰ সুচনা কৰে। বিশেষকৈ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিপাটিকৈ ৰং-বিৰঙৰ পোছাক পৰিধান কৰি অহা পৰিলক্ষিত হয়। ঢকুৱাখনাৰ ভিতৰত ইংৰাজী মাধ্যমৰ আটাইতকৈ পুৰণি বিদ্যালয়খনত আজি এক অনন্য উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় পুৱাৰে পৰা বিয়লি লৈকে।

সমান্তৰালভাৱে ঢকুৱাখনাৰ চেইন্ট থমাছ স্কুল, ইমানুৱেল মিছন স্কুল, ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ঢকুৱাখনা মহাবিদ্যালয়, ঢকুৱাখনা গাৰ্লছ কলেজ,ঢকুৱাখনা কমাৰ্ছ কলেজ,ঢকুৱাখনা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, ঢকুৱাখনা টাউন হাইস্কুল, ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়, ঢকুৱাখনা বালিকা অভ্যাসন বিদ্যালয়কে প্ৰমুখ্যে কৰি বহু শিক্ষানুষ্ঠানত বুধবাৰে বাগদেৱীৰ বন্দনাৰে বিভিন্ন আধ্যাত্মিক পৰম্পৰাৰে সৰস্বতীৰ পূজা পালন কৰা দেখা যায়।

উল্লেখ্য যে, এইবাৰ সৰস্বতী পূজা দুদিনীয়া লগ্নৰে হোৱাত ঢকুৱাখনাৰ নৰ্মাল স্কুল, শংকৰদেৱ শিশু নিকেতন ঢকুৱাখনা ইত্যাদি বহু শিক্ষানুষ্ঠানত বৃহস্পতিবাৰলৈহে পালন কৰিব বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা-অৰ্চনাৰ কাৰ্যসূচী।