অসম

ঢকুৱাখনাত অজগৰৰ সৈতে চেল্ফি, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ এটা বিশেষ খবৰ…। আৰু এই খবৰটো বিয়পি পৰাৰ লগে লগে ঢকুৱাখনা নগৰত থকা উপ খণ্ড বন বিষয়াৰ কাৰ্যলয়লৈ বৃহস্পতিবাৰে পুৱাই অজস্ৰ লোকৰ আগমন। আনকালে ঢকুৱাখনাত দেখি নোপোৱা এটা বিশেষ বস্তুক চাবলৈহে এইদৰে পুৱাই সকলো আহিল বন বিভাগৰ এইটো কাৰ্যালয়লৈ। কাৰণ ইমানদিনে দুই এজনে গুৱাহাটীৰ ছিৰিয়াখানাত এই বিশেষ বস্তুটো দেখিছিল যদিও বেছিভাগেই দেখা নাই আজিলৈকে।

যাৰ বাবেই ৰাইজৰ মাজত ইমান আগ্ৰহ ইয়াক চাবলৈ। হয়, বৃহস্পতিবাৰে ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাওঁত উদ্ধাৰ হোৱা এই প্ৰকাণ্ড অজগৰ সাপটো চাবৰ বাবেই বন বিভাগৰ কাৰ্যলয়ত এই অৱস্থা। দুই এজনে আকৌ চোৱাতে ক্ষান্ত নাথাকি অজগৰৰ সৈতে চেল্ফিয়ো ললে।

ইফালে কমল চেতিয়া নামৰ লোক জনৰ বাৰীত ঢকুৱাখনাৰ বন বিভাগে উদ্ধাৰ কৰা ৮ ফুট দৈঘ্য তথা ৩০ কিলোগ্ৰাম ওজনৰ এই সাপটো এতিয়া বগিনদীৰ দুলুং বনাঞ্চলত এৰি দিব বুলি জানিবলৈ দিলে বন বিষয়া চন্দ্ৰ কান্ত দাসে। ইফালে ক্ৰমাৎ বনাঞ্চল ধ্বংসৰ ফলত এই ধৰণৰ প্ৰকাণ্ড সাপ সমূহ যে এইদৰে জনাঞ্চললৈ ওলাই আহিব লগা হৈছে সেয়া এই ঘটনাই প্ৰমাণ কৰিছে।

আনহাতে অঞ্চলটোত এই সাপটো উদ্ধাৰ হোৱাৰ পাছত এতিয়া তাত এই ধৰণৰ আৰু অজগৰ থাকিব পাৰে বুলি মানুহে সন্দেহ প্ৰকাশ কৰি বন বিভাগক বিষয়তোৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাইছে।