অসম

পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত সৰ্বাত্মক কৰ্মবিৰতি

asomiyapratidin

ডিজিটেল সংবাদ ,ঢকুৱাখনা :  সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে  সোমবাৰে ঢকুৱাখনা মহকুমাৰ বিভিন্ন চৰকাৰী কাৰ্যালয় , চৰকাৰী অনুষ্ঠান আৰু মহাবিদ্যালয়ত নতুন পেঞ্চন নীতি বাতিল আৰু পুৰণি  পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবীত সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী পালন কৰা হয়।

ঢকুৱাখনা মহকুমাৰ নৰ্থ বেংক মহাবিদ্যালয়তো "পেঞ্চন আমাৰ প্ৰাপ্য"  বাণীৰে মহাবিদ্যালয় শিক্ষক গোটৰ উদ্যোগত আৰু কৰ্মচাৰী সকলৰ  সহযোগত সোমবাৰে পুৱা ৯-৩০ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয় চৌহদত এই প্ৰাপ্য বিচৰা প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি  ভবেশ চহৰীয়া আৰু সম্পাদক ডঃ নিতুল শইকীয়াৰ নেতৃত্বত মহাবিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি  শীঘ্ৰে নাৰ্য প্ৰাপ্য অধিকাৰ স্বৰূপ এই পুৰণি পেঞ্চন নীতি পুনৰ প্ৰবৰ্তনৰ দাবী জনায় । ঢকুৱাখনা মহাবিদ্যালয়ৰ শিক্ষক গোটৰ উদ্যোগতো সোমবাৰে এই প্ৰাপ্য আদায়ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা হয়  ।

মহাবিদ্যালয় শিক্ষক আৰু কৰ্মচাৰী গোটৰ উদ্যোগত পুৱা ৯-৩০ বজাৰ পৰা ১১-৩০ বজালৈ দুঘণ্টা জোৰা অৱস্থান  ধৰ্মঘট পালন কৰা হয় আৰু  কলা বেজ পৰিধান কৰি  দিনজোৰা কৰ্মবিৰতিৰে নতুন পেঞ্চন নীতি পৰিহাৰ কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী জনোৱা হয় । ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলেও এই প্ৰতিবাদ সাব্যস্ত কৰে বিদ্যালয় চৌহদত।

ঢকুৱাখনা জিলা এন পি এছ সমিতিৰ সভাপতি তবেন্দ্ৰ নাথ দাসে জনোৱা মতে ঢকুৱাখনা মহকুমাৰ  সকলো চৰকাৰী কাৰ্যালয় আৰু চৰকাৰী  অনুষ্ঠান প্ৰতিষ্ঠানৰ  সমূহ এন পি এছ অন্তৰ্ভুক্ত  কৰ্মচাৰী সকলে নিজ নিজ কৰ্মথলীত  উপস্থিত থাকি দিনজোৰা কৰ্মবিৰতিৰ লগতে  অৱস্থান ধৰ্মঘট কাৰ্যসূচী  পালন কৰি  পুৰণি পেঞ্চন নীতি তাৎক্ষণিক ভাৱে প্ৰৱৰ্তন কৰাৰ দাবী জনায় ৰাজ্য চৰকাৰক ।