dhakuakhana pijush hazarika
dhakuakhana pijush hazarika 
অসম

ঢকুৱাখনাৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদর্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা আৰু মাজুলীৰ সুৰক্ষা কৱচ স্বৰূপ ব্ৰহ্মপুত্ৰ নদীৰ চিচি টেকেলিফুটা মথাউৰীৰ খহনীয়াগ্ৰস্ত এলেকা বুধবাৰে পৰিদর্শন কৰে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। লখিমপুৰ জিলাৰ বিভিন্ন স্থানৰ মথাউৰী পৰিদর্শন কৰি  বিয়লি ১.২০ বজাত চিচি টেকেলিফুটা মথাউৰীৰ টাকাৰচুক অংশত উপস্থিত হয় মন্ত্ৰীগৰাকী।

লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা, উজনি অসম জলসম্পদ  সংমণ্ডলৰ অতিৰিক্ত মুখ্য অভিযন্তা পলাশ জ্যোতি গোস্বামী, লখিমপুৰ জলসম্পদৰ অধীক্ষক অভিযন্তা সমীৰণ ডেকা, ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ কার্যবাহী অভিযন্তা প্ৰদীপ দাস, সহকাৰী কাৰ্যবাহী অভিযন্তা কৃষ্ণ কান্ত পেগু আদিৰ সহযোগত খহনীয়াগ্ৰস্ত এলেকা পৰিদর্শন কৰি অনুষ্ঠিত সভাত মন্ত্ৰী হাজৰিকাই কয় "এবছৰত মই টাকাৰচুকলৈ  দুবাৰ আহিছোঁ । আহিছোঁ যেতিয়া কামো কৰিছোঁ ।

লগতে তেওঁ কয় - টাকাৰচুকৰ খহনীয়া স্থায়ী প্ৰতিৰোধৰ বাবে দুটা পৰ্যায়ত কাম হ'ব। এটা অস্থায়ী হ'ব আৰু এটা স্থায়ী কাম হ'ব । প্ৰায় ৭০-৮০ কোটি টকা ব্যয় কৰি ব্ৰহ্মপুত্ৰৰ স্থায়ী খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । অহা ২০২৩ বর্ষৰ  ডিচেম্বৰত স্থায়ী  প্ৰতিৰোধ আঁচনিৰ কাম আৰম্ভ কৰিব জলসম্পদ বিভাগে ।

ইয়াৰ বাবে অহা ৮ অক্টোবৰত সাংসদ প্ৰদান বৰুৱা, বিধায়ক  নৱ দলে আৰু বিভাগীয় শীর্ষ বিষয়া সকলৰ  লগত আলোচনা কৰিব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে। ইপিনে বৃহৎ নদীবান্ধৰ পোষকতা কৰি মন্ত্ৰী গৰাকীয়ে কয় উন্নয়নৰ বাবে নদী বান্ধৰ প্ৰয়োজনীয়তা আছে, কিন্তু সমান্তৰাল ভাৱে নামনি অংশৰ সুৰক্ষাৰ দিশটো সু নিশ্চিত হ'ব লাগিব। ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ কাৰ্য্যালয়টো ঢকুৱাখনাৰ পৰা স্থানান্তৰ কৰা  বিভাগীয় পদক্ষেপৰ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে এই বিষয়ত অলপ মতানৈক্য  আছে  আৰু  সময়ত সকলো ঠিক হ'ব আৰু কাৰ্য্যালয়  ঢকুৱাখনাত থাকিব বুলি নিশ্চয়তা প্ৰদান কৰে ।

মন্ত্ৰীগৰাকীক ঢকুৱাখনা জিলা বিজেপি আৰু মণ্ডল বিজেপি, যুৱ মৰ্চাৰ কৰ্মকর্তা সকলে বাইক ৰেলীৰে ঢকুৱাখনা সদৰহৈ খহনীয়াগ্ৰস্ত এলেকালৈ আদৰি আনে জামুগুৰিৰ পৰা। ইয়াৰ পূৰ্বে বিজেপিৰ বগীনদী কাৰ্যালয়ত মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায়। 

জিলা সভাপতি প্ৰদীপ চমুৱাৰ সভাপতিত্বত অনুষ্ঠিত আদৰণি সভাত বগীনদী, ঘিলামৰা আৰু ঢকুৱাখনাৰ মণ্ডল সভাপতি ক্ৰমে দীন মণি মহন্ত, সুনীল দলেৰ লগতে যুৱ মৰ্চা, মহিলা মৰ্চা আদি গৰিষ্ঠ সংখ্যক নেতৃবৰ্গই আদৰণি জনাই এখন ৩ দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰে।