অসম

‘ঐতিহ্যৰ অন্বেষণঃ ঢকুৱাখনা’ শীৰ্ষক গ্ৰন্থ উন্মোচন…

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাক্তন অসমীয়া বিভাগৰ অধ্যাপক ডিম্বেশ্বৰ গগৈৰ নৱতম গ্ৰন্থ "ঐতিহ্যৰ অন্বেষণ: ঢকুৱাখনা" শীৰ্ষক গ্ৰন্থখন আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ঢকুৱাখনাত উন্মোচন কৰা হয়। ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত ঢকুৱাখনা মহাবিদ্যালয় প্ৰাক্তন উপাধ্যক্ষ পূৰ্ণানন্দ গগৈৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত প্ৰাক্তন শিক্ষক তথা ঢকুৱাখনাৰ জ্যেষ্ঠ নাগৰিক সৰ্বেশ্বৰ সূত বৰুৱাই গ্ৰন্থখন উন্মোচন কৰে।

নিজৰ উন্মোচনী ভাষণত বৰুৱাই ঐতিহাসিক তথ্য সমৃদ্ধ লেখাৰে সমৃদ্ধ এই গ্ৰন্থখনে ঢকুৱাখনাৰ বহু পুৰণি কথা নতুন চামৰ আগত দাঙি ধৰিব বুলি প্ৰকাশ কৰে। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ ঢকুৱাখনাৰ বিশিষ্ট নাগৰিক জগদীশ গগৈয়ে কয় যে- 'অসমৰ অতিকে পুৰণি এই মহকুমাতো বহু ঐতিহাসিক ঘটনা উপঘটনাৰে সমৃদ্ধ। বহু বিশিষ্ট লেখক সাহিত্যকে ঢকুৱাখনাৰ ওপৰত নানা সময়ত লেখা মেলা কৰিছে যদিও সেইবোৰ গ্ৰন্থৰূপ নোপোৱাৰ বাবেই আজিৰ প্ৰজন্মই সেয়া সহজে বিচাৰি নাপায়। কিন্তু ছাত্ৰ অৱস্থাৰ পৰাই ডিম্বেশ্বৰ গগৈয়ে নিৰলশ ভাৱে সাহিত্য চৰ্চা অব্যাহত ৰাখি ঢকুৱাখনাবাসীৰ বাবে যথেষ্ট অৱদান আগবঢ়াইছে। তেওঁ ঢকুৱাখনাৰ প্ৰতি থকা বুকুৰ টানৰ বাবেই এই ধৰণৰ তথ্য সমৃদ্ধ গ্রন্থ আজি উত্তৰ প্রজন্মই লাভ কৰিবলৈ সক্ষম হৈছে।

ঢকুৱাখনাৰ বিশিষ্ট নাগৰিক অধ্যাপক সেৱক চুতীয়া, চন্দ্ৰ বৰুৱা, প্ৰফুল্ল চুতীয়া, যোগানন্দ সূত, তৰুণ শৰ্মা, পৰম শংকৰ দত্ত, ডিগেন্দ্ৰ নাথ হাজৰিকা, মৌচুমী গগৈ হাতীবৰুৱা, গীতৰ্থী বৰগোহাঁই, নৱনীতা গগৈ আদিকে ধৰি বহু সংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰা সভা খনত মুখ্য অতিথি হিচাপে লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই কয় যে- " ঢকুৱাখনা তথা পুৰণি হাবুং নামৰ ঠাইখনে মোক সদাই আকৰ্ষণ কৰিছিল। বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ লেখাৰ পৰাই এই ঠাইখনৰ বিষয়ে মোৰ জানিবলৈ অধিক আগ্ৰহ জন্মিছিল। চিপাহী বিদ্ৰোহৰ সময়তে থানা স্থাপিত হোৱা এই পুৰণি ঠাইখনৰ বিষয়ে নানা লেখা পঢ়িছোঁ যদিও বৰ্তমান প্ৰকাশ পোৱা "ঐতিহ্যৰ অন্বেষণ: ঢকুৱাখনা" শীৰ্ষক গ্রন্থখনে মোৰ লগতে আন হাজাৰ জনক চাৰিকৰীয়া, ফাটবিহু তথা সোণালী সূতাৰ বাবে বিখ্যাত এই ঠাইখনক অধিক বিস্তৃত ভাবে জনাত বেছি সহায় কৰিব।'

ইফালে ঢকুৱাখনা মহাবিদ্যালয় প্ৰাক্তন অধ্যাপক ডঃ অমিয় কুমাৰ সন্দিকৈয়েও নিৰ্দিষ্ট বক্তাৰ ভাষণত ঢকুৱাখনাৰ ওপৰত লিখা এই গ্ৰন্থখনে ঢকুৱাখনাৰ মানুহৰ লগতে বাহিৰৰ মানুহক ঢকুৱাখনাৰ বিষয়ে জনাত আদিক সহায় কৰিব বুলি মত প্ৰকাশ কৰে।। আনহাতে গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত কেইবাগৰাকী অতিথিয়ে গীত আৰু কবিতা আবৃত্তি কৰি সকলোকে আপ্লুত কৰে।