dhakuakhana
dhakuakhana 
অসম

ঢকুৱাখনাৰ উদীয়মান সাংস্কৃতিক কৰ্মী বিনোদ চুতীয়াৰ বিয়োগ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাৰ সামাজিক, সাংস্কৃতিক জগতখনৰ এগৰাকী অগ্ৰণী যুৱ কৰ্মী, উদীয়মান যুৱক বিনোদ চুতীয়া (৪২)ৰ দেওবাৰে নিশা পৰলোক প্ৰাপ্তি ঘটে। ঢকুৱাখনা ভলুকাগুৰি গাঁওৰ যুৱক 'ধন' বহু দিন ধৰি বৃক্ক আৰু যকৃতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল।

শেহতীয়াভাৱে  যুৱকজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে হাইদৰাবাদৰ এছিয়ান ইনষ্টিটিউট অৱ গেষ্ট্ৰ'এন্ত্ৰল'জি হাস্পতালত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰি থকা হৈছিল। বিগত কিছুদিন যুৱকজনক 'ভেন্টিলেচন'ত ৰখাৰ পাছত দেওবাৰে নিশা চুতীয়াৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটি নিশা প্ৰায় ১.৫৭ বজাত শেষ নিশ্বাস ত্যাগ কৰে। সদা হাস্যমুখী, সমাজপ্ৰিয় যুৱকজনৰ অকাল বিয়োগৰ বাতৰিয়ে সমগ্ৰ ঢকুৱাখনাত শোকৰ ছাঁ পেলাইছে।

ঢকুৱাখনা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ অন্যতম প্ৰতিষ্ঠাপক, স্থায়ী সমিতিৰ কোষাধ্যক্ষ চুতীয়াই মৃত্যুৰ সময়ত পিতৃ ফণী চুতীয়া, পত্নী প্ৰজ্বলিতা চত্ৰধৰা চুতীয়াসহ অজস্ৰ ইষ্ট কুটুম্ব, গুণমুগ্ধক ইস সংসাৰত এৰি থৈ যায়। চুতীয়াৰ নশ্বৰ দেহ হাইদৰাবাদৰ পৰা মঙলবাৰে স্বগৃহলৈ অনা হ'ব শেষকৃত্য সম্পন্ন কৰাৰ বাবে।

চুতীয়াৰ আকস্মিক বিয়োগত ঢকুৱাখনা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, ঢকুৱাখনা জিলা ক্ৰীড়া সন্থা,  ঢকুৱাখনা ক্ষুদ্ৰ ব্যৱসায়ী সন্থা, ঢকুৱাখনা এক্টিং একাডেমী, ঢকুৱাখনা লেখিকা সমাৰোহ সমিতি আদি বিভিন্ন সংগঠনে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰ শান্তি কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে আৰু শোকাহত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।