অসম

ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তত বানৰ তাণ্ডৱ, বানপীড়িতক সাহায্য দিবলৈ সময় নাই মহকুমা প্ৰশাসনৰ…

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: বিগত এসপ্তাহ ধৰি অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ বানত ঢকুৱাখনা সমষ্টিৰ
পূৱ ঢকুৱাখনা পঞ্চায়তৰ-টুৰিবাৰী,যোগীসুতি,কপছান,বান্দেনা,গৰৈমাৰী,লাইপুলীয়া,ঠেকেৰাগুৰিকে আদি কৰি কেইবাখনো গাঁৱৰ শতাধিক পৰিয়াল ঢৰ-বাৰী,খেতি-পথাৰ বানত ক্ষতিগ্ৰস্ত হৈছে।

বৰ্নাত্যৰ মাজত প্ৰশাসনে দুদিনৰ বাবে কেইটামান চাউল,দালি,নিমখ দিয়ে দায়িত্ব সামৰিছে। এই পৰ্যন্ত যোগান নাই ধৰা শিশু খাদ্য আৰু পশু খাদ্যৰ যোগান। প্ৰ

শাসনৰ এনে প্ৰতাৰণাৰ বিপৰীতে পূৱ ঢকুৱাখনা পঞ্চায়তৰ সভাপতি অনজিৎ পেগুৱে নিজা খৰছত পঞ্চায়তটোৰ উল্লেখিত বানপীড়িত গাঁৱৰ লোকসকলৰ মাজত সাধ্যানুসাৰে- শিশু খাদ্য, বিশুদ্ধ খোৱা পানীৰ কাৰ্টুন, দমকল, চাৰ্ফ,চাবোন,বিস্কুট, চেনী,চাহপাত ইত্যাদি সামগ্ৰী বিতৰণ কৰে। এই কাৰ্যত পঞ্চায়তবাসীয়ে সন্তোষ প্ৰকাশ কৰিছে যদিও ঢকুৱাখনা মহকুমা প্ৰশাসনক তৎক্ষণাত বানপীড়িত ৰাইজক সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে।।