অসম

দেশৰ ৰাষ্ট্ৰীয় পতাকাক অৱমাননা ঢকুৱাখনাৰ ইচ্ছাৰ অইল ডিপোৰ

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ যিখন ৰাষ্ট্রীয় পতাকাৰ তলত সমবেত হৈ সমগ্ৰ দেশবাসী একত্ৰিত হোৱাৰ পন লয়, সেইখন ৰাষ্ট্ৰৰ সন্মানৰ প্ৰতীক ত্ৰিৰংগা পতাকাক অসন্মান কৰাৰ ঘটনা সংঘটিত হৈছে ঢকুৱাখনাত। ৰাষ্ট্ৰীয় পতাকাক ডাষ্টবিনত পেলাই ৰখাৰ দৰে ঘটনা সংঘটিত কৰিছে এটা তেল ডিপোৰ চৌহদত। পৰিতাপৰ কথা এয়ে যে, তামোলৰ পিক লেতেৰা বস্তু পেলোৱা এটা ডাষ্টবিনত গাড়ীত লগোৱা সৰু আকাৰৰ এই পতাকাখন এইদৰে তেল ডিপো কৰ্তৃপক্ষ বা অন্য কোনো কাণ্ডজ্ঞানহীন লোকে পেলাই দিয়াটো নিশ্চিত।

এইক্ষেত্ৰত তেল ডিপোৰ চিচি টিভি পৰীক্ষা কৰিলেই সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি মত প্ৰকাশ কৰিছে একাংশ সচেতন লোকে। আনহাতে এই ঘটনাৰ লগত জড়িত লোক সকলক উচিত শাস্তি প্ৰদান কৰিবলৈ মহকুমা প্ৰশাসনক আহ্বান জনাইছে সকলোৱে।