dhakuakhana
dhakuakhana 
অসম

ঢকুৱাখনাত সন্মিলিত গণশক্তি অসমৰ ১৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : সম অধিকাৰ, সম মৰ্যদা আৰু সম উন্নয়নৰ ভেঁটিত প্ৰতিষ্ঠিত আঞ্চলিক ৰাজনৈতিক দল সন্মিলিত গণশক্তি অসমৰ  ১৭ সংখ্যক প্ৰতিষ্ঠা দিৱস দেওবাৰে ঢকুৱাখনাত পালন কৰা হয়।

ঢকুৱাখনা আৰু ঘিলামৰা ব্লক সমিতিৰ যৌথ উদ্যোগত পশ্চিম ঢকুৱাখনা দীপ্তি কলা কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত সভাপতিত্ব কৰে ঢকুৱাখনা ব্লক গণশক্তিৰ সভাপতি নৱ পাতিৰ আৰু ঘিলামৰা ব্লক সমিতিৰ সভাপতি তুলৰাম কুম্বাংয়ে । দুয়োখন ব্লক সমিতিৰ গৰিষ্ঠ সংখ্যক প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়াই। 

ভাৰতবর্ষৰ ৰাজনৈতিক প্ৰেক্ষাপটত ক্ষুদ্ৰ ৰাজনৈতিক শক্তিৰ প্ৰাসংগিকতা সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য দাঙি ধৰি চায়েঙিয়াই "নীতি নিষ্ঠ নেতৃত্ব সৃষ্টি" আৰু "জীৱন জীৱিকা" সন্দৰ্ভত তত্বগধূৰ বক্তব্য আগবঢ়ায়। নীতি নিষ্ঠ নেতৃত্ব গঠনত প্ৰয়োজনীয়  ১০ টা নিৰ্দেশনাৰ সূক্ষ্ম বিশ্লেষণ কৰি জনগণক সাংস্কৃতিক, অৰ্থনৈতিক, সামাজিক, শৈক্ষিকভাৱে সংগঠিত কৰাৰ বাবে আত্মনিয়োগ কৰাৰ প্ৰয়োজনীয়তা দোহাৰি দীৰ্ঘ ম্যাদী সংগ্ৰামৰ বাবে নীতি নিষ্ঠ নেতৃত্বৰ অতি প্ৰয়োজন বুলি কয় । 

অন্তদৃষ্টি  বিকাশ কৰি উন্নয়ন পৰিৱৰ্তে ৰূপান্তৰ বিচৰা সময় আহিছে বুলি কৈ কেৱল ৰাস্তা দলঙৰ উন্নয়ন হলে নহ'ব জনগণৰ বৌদ্ধিক, শৈক্ষিকৰ লগতে সৰ্বাংগীন উন্নয়ন হ'ব লাগিব বুলি কয়। প্ৰতিষ্ঠা দিৱসত মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয় বিষয়ববীয়া যতীন পেগু, নাথুৰাম পেগু, খনিন্দ্ৰ মেদক, দ্বীপেন দলে, সৰলা পেগু, গণশক্তি দলৰ নেতা কনক কোঁৱৰ, নৰ নাথ চণ্ডীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

জীৱন জীৱিকাৰ সন্দৰ্ভত পৰিষদে গ্ৰহণ কৰা কৰ্মসূচীৰ সন্দৰ্ভতো বিশদ ব্যাখ্যা দাঙি ধৰি চায়েঙিয়াই কৰ্ম সংস্কৃতিৰ অবিহনে কেৱল ৰাজপথৰ আন্দোলনে স্বদেশ, স্বজাতিৰ উন্নতি কৰিব নোৱাৰে বুলি মন্তব্য কৰি নীতি নিষ্ঠ নেতৃত্ব সৃষ্টিৰে কৰ্মমুখী জীৱন শৈলীৰে এখন উপাৰ্জন মুখী সমাজ গঢ়াত দলীয় কৰ্মকর্তা সকলক আত্মনিয়োগৰ আহ্বান জনায় মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে।

প্ৰতিষ্ঠা দিৱসতে লক্ষ্যনাথ দলেক সভাপতি, অৰ্ধেশ্বৰ কুম্বাঙক কাৰ্যকৰী সভাপতি, কনক কোঁৱৰক মুখ্য উপদেষ্টা, মুকুন্দ বৰুৱাক প্ৰশাসনিক সম্পাদক, শিৰোমণি দলেক সম্পাদক হিচাপে লৈ ৪২ জনীয়া ঢকুৱাখনা ব্লক সমিতিখন গঠন কৰা হয়। পৰৱৰ্তী সময়ত পৰিষদৰ মুৰব্বী গৰাকীক পশ্চিম ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ দত্তই বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে পুঁজি আৱন্তনৰ কামনাৰে সম্বৰ্ধনা জনাই এখন স্মাৰক পত্ৰ প্ৰদান কৰে।