অসম

কঢ়া নৈৰ খহনীয়াত জাহ গৈছে শ শ বিঘা কৃষিভূমি, চাকুলি-আমগুৰি ঘাট সংযোগী পথলৈ তীব্ৰ ভাবুকি

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা মহকুমাৰ সোৱণশিৰি ৰাজহ চক্ৰৰ অধীনৰ আখৈফুটীয়াত কঢ়া নৈৰ ব্যাপক খহনীয়াই কালৰূপ ধাৰণ কৰিছে। কঢ়া নৈৰ এই খহনীয়াত ইতিমধ্যে জাহ গৈছে অঞ্চলটোৰ শ শ বিঘা কৃষিভূমি। বৰ্তমান যি অংশ বাকী আছে সেইখিনিও কঢ়া নৈৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে। ইফালে চাকুলি-আমগুৰি ঘাট সংযোগী পাথটোৰ প্ৰতিও খহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। ইতিমধ্যে খহনীয়াত জাহ গৈছে পথটোৰ আধা অংশ। কিন্তু ঢকুৱাখনাৰ জলসম্পদ বিভাগ, প্ৰশাসন বা স্থানীয় বিধায়ক নৱ দলেকে ধৰি পঞ্চায়ত প্ৰতিনিধি সকলে কঢ়া নৈৰ এই খহনীয়া ৰোধৰ বাবে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।

লক্ষণীয় বিষয় এয়ে যে, ঘিলামৰাৰ দেউলিয়া পঞ্চায়তৰ অন্তৰ্গত তথা লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোহাঁইৰ নিজৰ স্থানীয় পৰিষদিয় এলেকা হোৱাৰ পাছতো এই বিষয়টোত বিজেপি নেত্ৰী গৰাকীয়ে কোনো সুদৃঢ় পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰাত বৃহত্তৰ অঞ্চলবাসী ক্ষুণ্ণ হৈ পৰিছে। উল্লেখযোগ্য যে, যোৱা বৰ্ষত গ্ৰামোন্নয়ন বিভাগে এম জি এনৰেগাৰ অধীনত কেইবা লাখ টকা ব্যয় সাপেক্ষে খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিছিল যদিও ঘিলামৰা উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰী, কণিষ্ঠ অভিযন্তা, ঠিকাদাৰে নামমাত্ৰ কাম কৰি সমূদায় টকা আত্মসাত কৰাৰ অভিযোগ তুলিছে ৰাইজে।

তদুপৰি আঁচনিসমূহ পৰিকল্পিত আৰু সঠিকভাৱে ৰূপায়ন নোহোৱাত অঞ্চলটোত এতিয়া কঢ়া নদীৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে। খহনীয়া প্ৰতিৰোধৰ আঁচনি ৰূপায়নৰ নামত গ্ৰামোন্নয়ন বিভাগে লুণ্ঠন চলাই অহাৰ বিপৰীতে অসম চৰকাৰৰ বিয়াগোম জলসম্পদ বিভাগটোৱে এই পৰ্যন্ত খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত নিৰ্বিকাৰ ভূমিকা পালন কৰি অহাৰ গুৰুতৰ অভিযোগ উঠিছে।

অতি সোনকালে এই খহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধান কৰাৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। এইক্ষেত্ৰত চৰকাৰে যদি তাৎক্ষণিক পদক্ষেপ গ্ৰহণ নকৰে ঢকুৱাখনাৰ মানচিত্ৰৰ পৰা যে বৃহত্তৰ এই অঞ্চল নাইকিয়া হৈ যাব সেয়া নিশ্চিত।