অসম

ঢকুৱাখনাত একাংশ সংগঠনৰ নেতাৰ সৈতে মুখ্যমন্ত্ৰীৰ মত-বিনিময়

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সোমবাৰে বিয়লি ডিব্ৰুগড়লৈ স্থল পথেৰে মাজুলীৰ পৰা ঢকুৱাখনা হৈ যোৱাৰ পথত মন্ত্রী নৱ কুমাৰ দলেৰ বাসগৃহত কিছুসময়ৰ বাবে জিৰণি লয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইয়াৰ মাজতে মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়াৰ লগতে ঢকুৱাখনাৰ স্থানীয় বিজেপি কৰ্ম-কৰ্তাসকলৰ সৈতেও মত-বিনিময় কৰা দেখা যায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক।

এই মত-বিনিময় অনুষ্ঠানত মন্ত্রী নৱ কুমাৰ দলেৰ লগতে মিচিং স্বায়ত্ব পৰিষদৰ অধ্যক্ষ তথা মিচিং মিমাগ কেবাঙৰ সভাপতি সুনীল কুমাৰ পেগু, মিচিং ছাত্ৰ সন্থাৰ উপদেষ্টা ইন্দ্ৰ কুমাৰ চুংক্ৰাং, বিজেপিৰ ৰাজ্যিক সদস্য বসন্ত শইকীয়া, ঘিলামৰা মণ্ডল বিজেপিৰ সভাপতি পূৰ্ণানন্দ দত্ত, ঢকুৱাখনা নগৰ সমিতিৰ সভানেত্ৰী মীনা হাজৰিকা ইত্যাদিয়ে অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।