অসম

‘ধূপকাঠী’ উদ্যোগ স্থাপন কৰি স্বাৱলম্বী ঢকুৱাখনাৰ এজন উচ্চ শিক্ষিত যুৱক, অন্য নিৱনুৱা যুৱক-যুৱতীৰ বাবে আদৰ্শত পৰিণত মানস

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ যি সময়ত ৰাজ্যৰ লাখ লাখ উচ্চ শিক্ষিত নিৱনুৱা যুৱক-যুৱতীয়ে এটা চাকৰিৰ পিছত দৌৰি হাবাথুৰি খাই ফুৰিছে তেনে সময়তে লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ ১ নং হিলৈদাৰী গাঁৱৰ এজন উচ্চ শিক্ষিত যুৱকৰ স্বনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টাই আন বহুতৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। যুৱকজনৰ নাম মানস প্ৰতিম ফুকন। সমাজত আন দহজনে সাধাৰণতে পৰিয়াল চলাবৰ বাবে যিবোৰ পৰম্পৰাগত পদ্ধতিৰ আশ্ৰয় লৈ আহিছে তাতকৈ যেন বহুত পৃথক চিন্তাৰ অধিকাৰী এইগৰাকী যুৱক মানস।

সেইবাবেই উদ্যমী যুৱকজনে ধূপকাঠী প্ৰস্ততৰ এক ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলি নিজে স্বাৱলম্বী হোৱাৰ লগতে বহুজনৰ বাবে সৃষ্টি কৰিছে আত্ম সংস্থাপনৰ পথ। উল্লেখ্য যে, ২০১৪ চনতে গুৱাহাটীৰ আইকন কমাৰ্ছ কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰি গুৱাহাটীতে চৰকাৰী চাকৰিৰ সন্ধান চলাইছিল এইগৰাকী যুৱকে। বিভিন্ন বিভাগৰ সাক্ষাৎকাৰ দিছিল যদিও চৰকাৰী চাকৰি লাভ কৰা নাছিল যুৱক জনে। পিছে ইয়াৰ মাজতে ব্যক্তিগত খণ্ডৰ কেইবাটাও কোম্পানীত চাকৰি কৰিছিল যদিও সেইবোৰত নাছিল নিজৰ ইচ্ছানুসৰি কাম কৰা আৰু উপাৰ্জনৰ স্বাধীনতা।

সেইয়ে চাকৰিৰ মোহ এৰি গুৱাহাটীৰ পৰা ঢকুৱাখনাৰ ১ নং হিলৈদাৰী গাৱঁৰ ঘৰলৈ ঘুৰি আহিল মানস। পিতৃ-বগেন ফুকন, মাতৃ-পল্লৱী ফুকনৰ সহযোগত আৰু খুড়াক প্ৰাঞ্জল প্ৰতিম ফুকনৰ পৰামৰ্শত নিজৰ ঘৰতে ২০১৮ চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ কৰে-"হাবুং ধূপকাঠী" নামেৰে এক ক্ষুদ্ৰ উদ্যোগ। বৰ্তমান এবছৰ অতিক্ৰম কৰি যোৱা এই ক্ষুদ্ৰ ধূপকাঠীৰ উদ্যোগটোৰ জৰিয়তে মানস প্ৰতিমে নিজৰ লগতে গাঁৱৰ কেইবাটাও পৰিয়ালক আত্ম সংস্থাপনৰ বাট মুকলি কৰি দিছে।

গুৱাহাটীৰ এজন লোকৰ ওচৰত মাত্ৰ এদিনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি স্বাধীনভাৱে মানস প্ৰতিমে আৰম্ভ কৰা ধূপকাঠী উদ্যোগটোত নিৰ্মিত-'হাবুং', 'হাবুং টু ইন ৱান', 'গোলাপ', 'জেচমিন', 'প্ৰাৰ্থনা' আৰু 'উৎসৱ' নামৰ ৬ টা নামৰ ধূপকাঠীৰ পেকেটে এতিয়া দখল কৰিবলৈ সক্ষম হৈছে-ঢকুৱাখনা, ধেমাজি আৰু মাজুলীৰ বিভিন্ন ঠাইৰ বজাৰ। প্ৰতিমুহুৰ্তত চৰকাৰী চাকৰি বা ৰাজ্যৰ বাহিৰলৈ কোম্পানীৰ চাকৰি বিচাৰি যোৱা যুৱক-যুৱতী সকলৰ সন্মুখত এতিয়া উদ্যমীৰ এটা ভাল উদাহৰণত পৰিণত হৈছে মানস।