DGP Mahanta
DGP Mahanta 
অসম

'অপৰাধ নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষীয়ে কৰিব অহোপুৰুষাৰ্থ' : ডি.জি.পি

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৯ অক্টোবৰত দেৱগাঁৱত অনুষ্ঠিত হোৱা এছ.পি সন্মিলন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ডি.জি.পি ভাস্কৰজ্যোতি মহন্তৰ। গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে অনুষ্ঠিত হোৱা এই সন্মিলনৰ শলাগ লয় ডি.জি.পিয়ে।

উল্লেখ্য যে এই সন্মিলনত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হৈছিল গৃহমন্ত্ৰী গৰাকীৰ সৈতে। ৰাইজৰ সেৱাৰ বাবে গৃহমন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা পৰামৰ্শক শলাগিলে ভাস্কৰজ্যোতি মহন্তই।

অপৰাধ নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষীয়ে আপ্ৰাণ চেষ্টা কৰিব। অসমক শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ অসম আৰক্ষীক বিভিন্ন ধৰণে সজাই পৰাই তোলা হ'ব। এই ক্ষেত্ৰত আৰক্ষী প্ৰধান সকল প্ৰতিজ্ঞাবদ্ধ হ'ব বুলি মন্তব্য প্ৰকাশ ডি জি পি গৰাকীৰ।

আৰক্ষী থানাৰ পৰিবেশ এনেকুৱা হ'ব লাগে য'ত এজন ব্যক্তিয়ে বা কোনো সাধাৰণ নাগৰিকে থানাৰ ভিতৰত সোমাবলৈ ভয় বা সংকোচ নকৰি নিজৰ মানুহ বুলি জ্ঞান কৰিব লাগে। এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহে এছ.পি. সন্মিলনত কৰিছিল। আৰু এই ক্ষেত্ৰত অসম পুলিচে সম্পূৰ্ণ চেষ্টা কৰি যাব বুলিও মন্তব্য কৰে মহন্তই।