অসম

কোৰোনাত আক্ৰান্ত হৈ কি ক’লে ভাস্কৰজ্যোতি মহন্তই…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা সৈতে অব্যাহত থকা যুঁজখনত অসম আৰক্ষীক সন্মুখৰ পৰা নেতৃত্ব দিয়া সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত বৰ্তমান কোৰোনাত আক্ৰান্ত। যোৱা সোমবাৰে তেওঁৰ বাসভৱনত কৰা কোৰোনা টেষ্টত তেওঁৰ লগতে গাড়ীচালকৰ দেহতো ধৰা পৰিছিল কোৰোনাৰ অৱস্থিতি।

কোৰোনাৰ বিৰুদ্ধে যুঁজ দি অৱশেষত নিজে কোৰোনাত আক্ৰান্ত আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে এই সময়ত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কয় এনেদৰে- সদায় ইতিবাচক চিন্তা আৰু যোগাত্মক দৃষ্টিভংগীৰে আগুৱাই যোৱাৰ চেষ্টা কৰিছো। কোভিদ-১৯ প'জিটিভ হোৱাৰ পিছত এতিয়া ভাবিছো-কোৰোনা ভাইৰাছক পৰাজয় কৰিব পৰাকৈ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠাৰ পিছত এগৰাকী কোৰোনা যোদ্ধা হিচাপে পূৰ্বতকৈয়ো অধিক শক্তিশালী ৰূপত কোৰোনা বিৰোধী যুঁজত অৱতীৰ্ণ হ'ব পাৰিম।

সি যি কি নহওঁক,শেহতীয়াভাৱে মোৰ সংস্পৰ্শলৈ অহা লোকসকলক অনতিপলমে কোভিদ-১৯ চিনাক্তকৰণ পৰীক্ষা কৰাবলৈ অনুৰোধ জনাইছো। কিয়নো,আমাৰ সতৰ্কতাই আমাক ৰক্ষা কৰিব,কোৰোনা সংক্ৰমণ ৰোধ কৰিব। সুস্থ হৈ থাকক,সতৰ্কতা অৱলম্বন কৰক আৰু স্বাস্থ্যবিধি মানি চলক।