অসম

অসমৰ নদীত ১২০ কিলো ওজনৰ গৰুৱা মাছ, বজাৰত চাবলৈ হেতা-ওপৰা....

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সাধাৰণতে মাছ এটা কিমান ডাঙৰ হ'ব বুলি ধাৰণা হয়? স্বাভাৱিকতে দেখা ডাঙৰ মাছবোৰ ১০ কিলো, ২০ কিলো বা তাতকৈ অধিক হয়। কিন্তু এইবাৰ বিহুৰ মাজতে বুধবাৰে অসমৰ নদীত পোৱা গ'ল ১২০ কিলো ওজনৰ গৰুৱা মাছ।

গোৱালপাৰা জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ পঞ্চৰত্ন ঘাটত মাছ ধৰাৰ সময়ত মাছমৰীয়া সকলৰ জালত পৰে প্ৰকাণ্ড গৰুৱা মাছ। বিশাল গৰুৱা মাছ (ডেভিল কেটফিছ)টোৰ ওজন ১২০ কিলো।

জানিব পৰা মতে মুছা শ্বেখ নামৰ মাছমৰীয়াজনে জনে এই প্ৰকাণ্ড মাছটো পাৰলৈ অনাৰ সময়ত আনৰ সহায় লব লগা হৈছিল। সকলোৱে পাছত মাছতো ধৰি বজাৰলৈ লৈ গৈছিল।

বজাৰত এই প্ৰকাণ্ড মাছতো চাবলৈ সকলোৱে হেতা ওপৰা কৰে। মাছতো ৮৫,২০০ টকা পাইকাৰী মূল্যত বিক্ৰী কৰা হয়। অৱশ্যে, খুচুৰা বজাৰত মাছটোৰ মূল্য ১.১০ লাখৰ পৰা ১.২০ লাখলৈ বৃদ্ধি পায়।

এই বিশাল মাছটোৰ লগত ফটোও উঠে একাংশই । যাৰ পাছত ছ'চিয়েল মি়ডিয়াত ভাইৰেল হৈ পৰে মাছটোৰ দৃশ্য।