অসম

উন্নয়নৰ নামত দুৰ্নীতি : বিভাগীয় বিষয়ালৈ গুৰুতৰ অভিযোগ ৰাইজৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,তেজপুৰঃ উন্নয়নৰ নামত দুৰ্নীতি। এই কাণ্ড সংঘটিত হৈছে তেজপুৰ গাভৰু উন্নয়ন খণ্ডত।

গ্ৰামাঞ্চলৰ সৰ্বাঙ্গীন উন্নয়নৰ কাৰণে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অনুমোদন দিয়া এম জি এনৰেগা আৰু চৰ্তুদশ, পঞ্চদশ বিত্তীয় আয়োগৰ কোটি কোটি টকাৰ আঁচনি ৰূপায়নৰ নামত তেজপুৰৰ গাভৰু উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতি সংঘটিত হৈ আহিছে। এনে সময়তে উন্নয়ন খণ্ডটোৰ অধীনস্থ ভোমোৰাগুৰি গাঁও পঞ্চায়তত কৃষিবান্ধ নিৰ্মানৰ আঁচনি ৰূপায়নৰ ক্ষেত্ৰত সংঘটিত হোৱা অবাধ দুৰ্নীতি-অনিয়মে বি ডি অ ,কনিষ্ঠ অভিযন্তা ,গাননিক ,জিলা পৰিষদ সদস্য ,পঞ্চায়ত প্ৰতিনিধি আৰু সচিবৰ স্বৰূপটোকে সম্পূৰ্নৰূপে উদঙাই দিছে।

অভিযোগ মতে ২০২০ -২০ বৰ্ষত ভোমোৰাগুৰি গাঁও পঞ্চায়ত এলেকাত ৩৭ (ক)নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভোজখোৱাৰ লোকনিৰ্মান বিভাগৰ পথলৈকে এম জি এনৰেগাৰ আঁচনিৰে এটা কৃষিবান্ধ নিৰ্মানৰ বাবে জিলা পৰিষদৰ পূজিৰ পৰা ৮ লাখ ৮৮ হেজাৰ ১২৭ টকাৰ অনুমোদন হৈছিল। কিন্ত কনিষ্ঠ অভিযন্তা আৰু পঞ্চায়ত সচিবৰ সহযোগত ভোমোৰাগুৰি জিলা পৰিষদৰ সদস্য তথা গাভৰু ব্লক কংগ্ৰেছৰ সভাপতি ৰফিজুদ্দিন আহমেদে প্ৰাককলন উলংঘা কৰি ব্যাপক দুৰ্নীতিৰে কৃষিবান্ধ নিৰ্মানৰ আঁচনিখন ৰূপায়ন কৰাত অঞ্চলটোৰ ৰাইজ ক্ষুদ্ধ হৈ পৰিছে।

ইমানেই নহয় দুৰ্নীতিৰ বাবেই ৮ লাখ ৮৮ হেজাৰ কৃষিবান্ধটোৰ একাধিক অংশত বৰ্তমান সময়ত গাঁতৰ সৃষ্টি হোৱাৰ উপৰি যাতায়তৰো অনুপযোগী হৈ পৰিছে। এইক্ষেত্ৰত কৃষিবান্ধ নিৰ্মানত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে অতিশীঘ্ৰ এক উচ্চপৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিবলৈ ক্ষুদ্ধ ৰাইজে জিলা উপায়ুক্তৰ ওচৰত দাবী জনাইছে। আনহাতে প্ৰাককলন মতে কৃষি বান্ধটোত শিল নেপেলোৱা বুলিও অভিযোগ উঠিছে ।