অসম

চিৰাঙত নিষিদ্ধ ড্ৰাগছ্ সহ এজন ড্ৰাগছ সৰবৰাহকাৰী আটক…

asomiyapratidin

ডিজিটেল সংবাদ, চিৰাং : যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া নিষিদ্ধ ড্ৰাগছ্ সৰবৰাহকাৰীৰ বিৰুদ্ধে চিৰাং আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলাই ঢালিগাঁও আৰু বিজনীৰ পৰা বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ্ জব্দ কৰাৰ উপৰি এজন ড্ৰাগছ্ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষী সুত্ৰে জানিবলৈ দিয়া মতে কালি সন্ধিয়াৰ ভাগত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীৰ নেতৃত্বত অভিযান চলাই ঢালিগাঁও বজাৰ এলেকাৰ পৰা ইয়াচিন আলী (২০) নামৰ এজন ড্ৰাগছ্ সৰবৰাহকাৰীক আটক কৰে ।

ধৃত ইয়াচিন আলীৰ পৰা আৰক্ষীয়ে ৯ টা প্লাষ্টিকৰ কন্টেইনাৰ ভৰ্তি ড্ৰাগছ্ (ছাইকোট্ৰপিক বুলি সন্দেহ প্ৰকাশ কৰা হৈছে) ,নগদ ৫৫৫০ টকা, এটা মোবাইল হেণ্ডছেট আৰু এটা চাইকেল জব্দ কৰে । পৰবৰ্তী সময়ত নিশা আৰক্ষীয়ে ধৃত ইয়াচিন আলীক সোধপোছ চলায় আৰু তাৰ তথ্যৰ ভিত্তিত বিজনী থানাৰ অন্তৰ্গত কাউৱাটিকা গাঁৱৰ এঘৰত অভিযান চলায় যদিও আৰক্ষীৰ উপস্থিতি গম পাই এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি নিষিদ্ধ ড্ৰাগছ্ ব্যবসায়ৰ সৈতে জড়িত অপৰাধী জন পলাই যায়।

পিছত আৰক্ষীয়ে নিদিষ্ট ঘৰ খনত তালাচী চলাই ড্ৰাগছ্ ভৰ্তি ৫ টা প্লাষ্টিকৰ কন্টেইনাৰ, নগদ ১৮,৪২০ টকা, এটা মোবাইল ফোন জব্দ কৰে । এই সংক্ৰান্তত ঢালিগাঁও আৰু বিজনী থানাত পৃথকে পৃথকে গোচৰ ৰুজু কৰি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।